(আপডেট) জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ছাৰিপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ২
শোণিতপুৰ, ১৩ এপ্ৰিল (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ছাৰিপুখুৰীৰ পকী পথত যোৱা কালি দেওবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত দুজন লোক গুৰুতৰ ভাবে আহত হয়। জানিব পৰা মতে এএছ ৩২ চি ৩১৩২ নম্বৰৰ বলেৰ পিকাপ ভেন আৰু এএছ ১২
(আপডেট) জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ছাৰিপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ২


শোণিতপুৰ, ১৩ এপ্ৰিল (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ছাৰিপুখুৰীৰ পকী পথত যোৱা কালি দেওবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত দুজন লোক গুৰুতৰ ভাবে আহত হয়।

জানিব পৰা মতে এএছ ৩২ চি ৩১৩২ নম্বৰৰ বলেৰ পিকাপ ভেন আৰু এএছ ১২ জি ৩৯৪০ নম্বৰৰ হুন্দাই ইয়ন বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ আহত এজনৰ নাম প্ৰাঞ্জল শইকীয়া আৰু আন জনৰ নাম জানিব পৰা হোৱা নাই৷ আহত দুয়োকে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande