
মথুৰা, ১৩ এপ্ৰিল (হি.স.)। উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ যমুনা নদীত পঞ্জাৱৰ পৰা অহা তীৰ্থযাত্ৰী কঢ়িওৱা এখন নাও উলটি যোৱাৰ ফলত মৃত্যুৰ সংখ্যা ১৫লৈ বৃদ্ধি পাইছে। উদ্ধাৰকাৰী দলে সোমবাৰে নদীখনৰ পৰা আৰু দুটা মৃতদেহ উদ্ধাৰ কৰে। এতিয়াও এজন ব্যক্তি নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে, আৰু তেওঁৰ সন্ধান অব্যাহত আছে।
সোমবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু স্থানীয় আৰক্ষীৰ যৌথ অনুসন্ধান অভিযানৰ সময়ত যমুনা নদীৰ পৰা আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হয়। ইয়াৰে এজন পঞ্জাৱৰ বাসিন্দা যশ ভল্লা ওৰফে যুৱৰাজ বুলি চিনাক্ত কৰা হৈছে। বিষয়াসকলৰ মতে, নাওখন ডুব যোৱাৰ পিছত যমুনাৰ প্ৰবল সোঁতত নিৰুদ্দেশ হোৱা ১৬ জন লোকৰ ভিতৰত যশ ভল্লাও অন্যতম।
কে চি ঘাটৰ সমীপৰ দেৱৰাহা বাবা ঘাটৰ সমীপত জোপোহাত আবদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। দীৰ্ঘদিন পানীৰ সংস্পৰ্শলৈ অহাৰ বাবে শৰীৰৰ অংগচ্ছেদ হৈছিল। ইয়াৰ পাছতে উদ্ধাৰকাৰী দলে বঙালী ঘাটৰ সমীপত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত যুৱতীগৰাকীৰ নাম মনিকা ডুগ্ৰী। নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ১৫ জনলৈ বৃদ্ধি পাইছে।
সমগ্ৰ উদ্ধাৰ অভিযান ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এনডিআৰএফৰ উদ্যোগত। দলটোৱে যমুনা নদীত নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত অহৰহ অনুসন্ধান অব্যাহত ৰাখিছে। উদ্ধাৰ হোৱা মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। সেনাৰ ষ্ট্ৰাইক কৰ্পছ আৰু এন ডি আৰ এফৰ যুটীয়া দলেও অঞ্চলটোত সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। সম্প্ৰতি আৰু এজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। নাম পংকজ। উদ্ধাৰকাৰী দলে তেওঁক অহৰহ অনুসন্ধান অব্যাহত ৰাখিছে।
অতিৰিক্ত আৰক্ষী অধীক্ষক (গ্ৰাম্য) সুৰেশ চন্দ্ৰ ৰাৱাটে উল্লেখ কৰে যে এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰু ব্যক্তিগত ডুবাৰুৰ দলসমূহক সাতটা খণ্ডত বিভক্ত কৰি নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিয়াবলৈ নিৰন্তৰ অনুসন্ধান অভিযান চলাই আছে। নদীখনৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলতো ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে। বৰ্তমান এজন ব্যক্তি নিৰুদ্দেশ হৈ আছে, আৰু উদ্ধাৰকাৰী দলে তেওঁক বিচাৰি অব্যাহত ৰাখিছে। প্ৰশাসনৰ মতে, নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ সন্ধান নোহোৱালৈকে অনুসন্ধান অভিযান অব্যাহত থাকিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া