গৌৰীপুৰত মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ
ধুবুৰী, ১৩ এপ্ৰিল (হি.স.)। গৌৰীপুৰত এগৰাকী মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ। ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবাগৰ এই গৰাকী বিধৱা মহিলাৰ লগত একেখন গাঁৱৰে ৰফিউজ জামান নামৰ এজন ব্যক্তিৰ সৈতে প্ৰথমে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে । প্ৰায় এটা বছৰ প্ৰেমৰ মাজতেই ৰফিউজ জাম
গৌৰীপুৰত মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ


ধুবুৰী, ১৩ এপ্ৰিল (হি.স.)। গৌৰীপুৰত এগৰাকী মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ। ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবাগৰ এই গৰাকী বিধৱা মহিলাৰ লগত একেখন গাঁৱৰে ৰফিউজ জামান নামৰ এজন ব্যক্তিৰ সৈতে প্ৰথমে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে । প্ৰায় এটা বছৰ প্ৰেমৰ মাজতেই ৰফিউজ জামানে বিধৱা মহিলা গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ মহিলাগৰাকীৰ।

উক্ত অবৈধ প্ৰেমৰ বিষয়ে ৰাইজে জনাজনী হোৱাত উপায় বিহীন হৈ ৰফিউজ জামানে মহিলা গৰাকীক বিয়া কৰায়। মহিলা গৰাকীক ভাড়া ঘৰত ৰাখি সংসাৰ কৰা সময়তে তিনিমহীয়া গৰ্ভৱতী হোৱাত ৰফিউজ জামান নামৰ ব্যক্তি গৰাকীয়ে চিকিৎসকৰ ওচৰলৈ গৈ মহিলা গৰাকীৰ চনোগ্ৰাফীৰ কৰাৰ পিছত চিকিৎসকে ঔষধ দিয়ে যদিও ৰফিউজ জামানে চিকিৎসকে দিয়া ঔষধৰ সলনি গৰ্ভপাত কৰা ঔষধ খুৱাই গৰ্ভপাত কৰাৰ অভিযোগ উত্থাপিত কৰিছে মহিলা গৰাকীয়ে।

এই গৰ্ভপাত হোৱাৰ পিছত ৰফিউজ জামানে মহিলা গৰাকীৰ সৈতে কোনো সম্পৰ্ক নাৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত কৰি গৌৰীপুৰ আৰক্ষীৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande