
কলকাতা, ১৩ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে বীৰভুম জিলাৰ বলপুৰত ৰাজহুৱা সভাত ভাষণ দি শাসকীয় তৃণমূল কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।
ৰাজ্যখনত “গুণ্ডাৰাজ”ৰ অভিযোগ উত্থাপন কৰি অমিত শ্বাহে কয় যে যদিহে ৪ মে’ৰ পিছত বিজেপি ক্ষমতালৈ আহে তেন্তে গুণ্ডাসকলক “বিচাৰি বিচাৰি জেলত ভৰোৱা হ’ব, আৰু তেওঁলোকক ওলোটাকৈ ওলোমাই থোৱা হ’ব”। ২০২১ চনৰ নিৰ্বাচনৰ পিছত বিজেপি কৰ্মীৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ অভিযোগ উত্থাপন কৰি জনসাধাৰণৰ ওচৰত পৰিৱৰ্তনৰ বাবে আবেদন জনায়।
অমিত শ্বাহে ভোটাৰসকলক ২৩ এপ্ৰিলত ভোটগ্ৰহণৰ দিনটোত “ভয়তকৈ আত্মবিশ্বাসেৰে ভোট দিবলৈ” আৰু “বেলটৰ জৰিয়তে বোমাৰ উত্তৰ দিবলৈ” আহ্বান জনায়। ৰাজহুৱা সভাত তেওঁ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলক সকীয়াই দিয়ে যে ২৩ এপ্ৰিলত ঘৰতে থাকক, নহ'লে ৫ মে'ৰ পিছত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
ডাবল ইঞ্জিন চৰকাৰৰ কথা উল্লেখ কৰি অমিত শ্বাহে দাবী কৰে যে বিজেপিয়ে চৰকাৰ গঠন কৰিলে ৰাজ্যখনত উন্নয়নৰ এক নতুন যুগ আৰম্ভ হ'ব। মহিলাৰ সুৰক্ষাৰ বিষয়ত মুখ্যমন্ত্রী মমতা বেনাৰ্জীক লক্ষ্য কৰি কয় যে এগৰাকী মহিলা মুখ্যমন্ত্রী থকাৰ পাছতো ৰাজ্যত মহিলাৰ সুৰক্ষা সুনিশ্চিত হোৱা নাই৷ বিজেপিয়ে চৰকাৰ গঠন কৰিলে নিশাও মহিলাসকলে নিৰাপদে বাহিৰলৈ ওলাই যাব পাৰিব বুলি তেওঁ আশ্বাস দিয়ে।
দুৰ্নীতিৰ বিষয়ত ৰাজ্য চৰকাৰকো আক্ৰমণ কৰে। অমিত শ্বাহে শিক্ষক নিযুক্তি, ৰেচন, এমএনৰেগা আৰু গৃহ নিৰ্মাণ আঁচনিৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ ধন সাধাৰণ জনতাৰ ওচৰলৈ যোৱা নাই বুলিও অভিযোগ উত্থাপন কৰে।
অনুপ্ৰৱেশৰ বিষয়ত তেওঁ কয় যে তৃণমূল কংগ্ৰেছ চৰকাৰে ইয়াক ৰোধ কৰাত ব্যৰ্থ হৈছে আৰু বিজেপি ক্ষমতালৈ আহিলে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব। তেওঁ ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ উল্লেখ কৰি কয় যে “বহুবিবাহৰ দৰে প্ৰথা নিষিদ্ধ কৰা হ’ব”।
ৰেলীৰ আৰম্ভণিতে অমিত শ্বাহে নিৰাপত্তাৰক্ষীক মঞ্চৰ পৰা আঁতৰাই নিয়াৰ নিৰ্দেশ দি কোনো বাধা নোহোৱাকৈ সভাস্থলীত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব বুলি আশ্বাস দিয়ে
উল্লেখযোগ্য যে বীৰভূমৰ এই অঞ্চলটোক গৰু সৰবৰাহ গোচৰত তিহাৰ কাৰাগাৰত দীৰ্ঘদিন কটোৱা আৰু বিতৰ্কিত বক্তব্যৰ বাবে পৰিচিত অনুভ্ৰাত মণ্ডলৰ দুৰ্গ বুলি গণ্য কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া