চামগুৰিত বিয়াৰ বৰ যাত্ৰীৰ বাহন দূৰ্ঘটনাগ্ৰস্ত
চামগুৰিত বিয়াৰ বৰ যাত্ৰীৰ বাহন দূৰ্ঘটনাগ্ৰস্ত।
চামগুৰিত বিয়াৰ বৰ যাত্ৰীৰ বাহন দূৰ্ঘটনাগ্ৰস্ত


নগাঁও, ১৩ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি দেওবাৰে সন্ধিয়া বিয়াৰ বৰ যাত্ৰীৰ বাহন এখন দূৰ্ঘটনাগ্ৰস্ত হয় । চামগুৰিৰ কুহুমতলিত বৰযাত্ৰী বাহনখন দূৰ্ঘটনাগ্ৰস্ত হয় । কুহুমতলিৰ পৰা ৰূপহীলৈ গৈ থকা অৱস্থাত দূৰ্ঘটনাগ্ৰস্ত হয় বাহন খন।

উল্লেখ্য় যে দুৰ্ঘটনাগ্ৰস্ত বাহন খনত আছিল দৰা সহ চাৰিজন লোক। গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি পথৰ কাষত থকা নাৰিকল গছত খুন্দা মাৰে বাহন খনে । দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা দৰা সহ অন্য কেইবাজনো লোক । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে । অন্য এখন বাহনৰ ব্যৱস্থা কৰি বৰ যাত্ৰী পুনৰ ৰাওনা হয় ৰূপহীৰ বিয়া ঘৰলৈ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande