
হাপুৰ, ১৩ এপ্ৰিল (হি.স.)। উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ ধৌলানা আৰক্ষী থানা এলেকাত দেওবাৰে গভীৰ নিশা বিবাহ যাত্ৰী কঢ়িয়াই অনা বাছে এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৬ জন লোক নিহত হোৱাৰ লগতে আন ৬ জন আহত হয়। ঘটনাৰ পিছতে জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু মুখ্য চিকিৎসা বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰে।
আৰক্ষী অধীক্ষক কুঁৱৰ জ্ঞানেন্দ্ৰ সিঙে জনোৱা মতে, গাজিয়াবাদৰ দাসনা নিবাসী ইক্ৰাম কুৰেশ্বীৰ পুত্ৰৰ বিবাহ শোভাযাত্ৰা গুলাৱতীৰ পৰা উভতি আহি থকা অৱস্থাত ধৌলানা আৰক্ষী থানা এলেকাত ধৌলানা-গুলাৱতী পথত বাছখনে ট্ৰাকখনৰ সৈতে খুন্দা মাৰে। এই ঘটনাই ব্যাপক আন্দোলনৰ সৃষ্টি কৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে। বাহনসমূহত আবদ্ধ হৈ থকা আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ উল্লেখ কৰে যে এই দুৰ্ঘটনাত সোনু, ইউছুফ, আখতাৰ, ইউনুছ, মুন্না আৰু বাছ চালক অশোকৰ মৃত্যু হয়। চালকসহ মুঠ ১২জন লোক বাছখনত আছিল। আহতসকলক বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি আছে।
মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে জিলা দণ্ডাধীশ অভিষেক পাণ্ডে, আৰক্ষী অধীক্ষক (এছ পি), আৰু মুখ্য চিকিৎসা বিষয়া (চিএমঅ’)য়ে ঘটনাস্থলী পৰিদৰ্শন কৰে। পিছত আহতসকলৰ মংগলৰ বিষয়ে সোধা-পোছাৰ বাবে চিকিৎসালয়খনত উপস্থিত হয় বিষয়াসকল। আহতসকলৰ বাবে সম্ভৱপৰ উত্তম চিকিৎসা প্ৰদানৰ বাবে চিএমঅ’ক প্ৰয়োজনীয় নিৰ্দেশনা দিছে ডিএমই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া