ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটেৰেছৰ নেপালৰ প্ৰধানমন্ত্ৰীক অভিনন্দন
কাঠমাণ্ডু, ১৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে নেপালৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী বেলেন্দ্ৰ শ্বাহক অভিনন্দন জনোৱাৰ লগতে দেশখনৰ বহনক্ষম উন্নয়ন আৰু প্ৰতিষ্ঠানিক শক্তিশালীকৰণৰ বাবে সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে। ৮ এপ্ৰিলত শ্বাহক
संयुक्त राष्ट्र महासचिव गुटेरस और नेपाल के नवनियुक्त प्रधानमंत्री बालेन्द्र शाह


কাঠমাণ্ডু, ১৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে নেপালৰ নৱনিযুক্ত প্ৰধানমন্ত্ৰী বেলেন্দ্ৰ শ্বাহক অভিনন্দন জনোৱাৰ লগতে দেশখনৰ বহনক্ষম উন্নয়ন আৰু প্ৰতিষ্ঠানিক শক্তিশালীকৰণৰ বাবে সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।

৮ এপ্ৰিলত শ্বাহক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাই প্ৰেৰণ কৰা এখন পত্ৰত গুটেৰেছে নেপাল আৰু ইউএনঅ’ৰ মাজত থকা দীঘলীয়া আৰু শক্তিশালী অংশীদাৰিত্বক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে আত্মবিশ্বাস প্ৰকাশ কৰে। নেপালত যুৱ নেতৃত্বৰ উত্থানৰ কথা উল্লেখ কৰি তেওঁ জনজীৱনত সততা আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গুটেৰেছে পত্ৰখনত উল্লেখ কৰিছে যে, “আপোনাৰ নেতৃত্ব এনে এটা সময়ত আহিছে যেতিয়া নতুন প্ৰজন্মই নিৰ্ণায়ক অগ্ৰগতি, জনজীৱনত উচ্চ সততা আৰু নাগৰিকক উন্নত সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানৰ দাবী জনাইছে।”

গুটেৰেছে স্পষ্ট কৰি দিয়ে যে নেপালত থকা ইউএনঅ’ৰ দলটোৱে ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ চৰকাৰৰ অগ্ৰাধিকাৰসমূহক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব। শ্বাহৰ কাৰ্যকালত নেপালে বহুপক্ষীয় সহযোগিতা আৰু কূটনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি ৰাষ্ট্ৰসংঘই আত্মবিশ্বাসী।

ৰাষ্ট্ৰসংঘৰ প্ৰতি নেপালৰ অবিৰত সহযোগিতা আৰু দায়বদ্ধতাক প্ৰশংসা কৰি গুটেৰেছে কয় যে ৰাষ্ট্ৰসংঘৰ সৈতে নেপালৰ অবিৰত সংযোগ আৰু বহুপক্ষীয় সহযোগিতাৰ প্ৰতি দায়বদ্ধতাক মই প্ৰশংসা কৰিছো।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande