ইৰাণ যুদ্ধৰ সন্দৰ্ভত ভেটিকানৰ মুখ্য পোপ লিঅ’ৰ স্থিতিক সমালোচনা ড’নাল্ড ট্ৰাম্পৰ
ৱাশ্বিংটন, ১৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেটিকানৰ মুখ্য পোপ লিঅ’ (চতুৰ্দশ)ক তীব্ৰ সমালোচনা কৰিছে। ইৰাণ যুদ্ধৰ ক্ষেত্ৰত পোপৰ স্থিতিক তেওঁ গৰিহণা দিয়ে। ট্ৰাম্পে কয় যে পোপ লিঅ’ৰ বৈদেশিক নীতি অতি নিকৃষ্ট। দেওবাৰে সন্ধিয়া সাংবাদিকৰ আ
ড’নাল্ড ট্ৰাম্পে


ৱাশ্বিংটন, ১৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেটিকানৰ মুখ্য পোপ লিঅ’ (চতুৰ্দশ)ক তীব্ৰ সমালোচনা কৰিছে। ইৰাণ যুদ্ধৰ ক্ষেত্ৰত পোপৰ স্থিতিক তেওঁ গৰিহণা দিয়ে। ট্ৰাম্পে কয় যে পোপ লিঅ’ৰ বৈদেশিক নীতি অতি নিকৃষ্ট। দেওবাৰে সন্ধিয়া সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে, পাৰমাণৱিক অস্ত্ৰ থকাটো ঠিকেই বুলি কোৱা পোপক আমি ভাল নাপাওঁ। তেওঁ নাভাবে যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিলে বিশ্বক উৰুৱাই পেলাব।

চিএনএনৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ প্ৰথমজন পোপ আৰু ভেটিকানৰ মুৰব্বী লিঅ’ই ইৰাণৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধক লৈ ক্ৰমান্বয়ে কণ্ঠস্বৰ প্ৰকাশ কৰিছে। যোৱা সপ্তাহত পোপে ইৰাণৰ প্ৰতি ট্ৰাম্পৰ ভাবুকিক গৰিহণা দি কয় যে সেয়া সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। আজি ৰাতি সকলো সভ্যতা নিঃশেষ হৈ যাব বুলি ট্ৰাম্পে কৈছিল। ইৰাণৰ সৈতে দুসপ্তাহৰ যুদ্ধবিৰতিৰ চুক্তি হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে এই ভাবুকি আহিছিল।

সংঘাতৰ সময়ত ট্ৰাম্প আৰু প্ৰতিৰক্ষা সচিব পিট হেগছেথে দিয়া বক্তব্যত ঈশ্বৰৰ আমন্ত্ৰণ জনাইছে। আনকি হেগছেথে যুদ্ধৰ সমৰ্থনত ধৰ্মীয় গ্ৰন্থৰ উল্লেখ কৰিছে। পোপ লিঅ’ই এই ধাৰণাটোৰ তীব্ৰ বিৰোধিতা কৰিছে। পোপ লিঅ'ই পাম দেওবাৰে কয়, যীচু শান্তিৰ ৰজা। তেওঁ যুদ্ধক নাকচ কৰে। তেওঁক কোনেও যুদ্ধক ন্যায্যতা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ পিছতে ট্ৰাম্পে ট্ৰুথছ’চিয়েলত পোপক সমালোচনা কৰে।

ৰাষ্ট্ৰপতি ট্ৰাম্পে লিখিছে, “তেওঁলোকে এনে এজন পোপ নিবিচাৰে যিয়ে ইৰাণৰ বাবে পাৰমাণৱিক অস্ত্ৰ থকাটো ঠিকেই বুলি বিশ্বাস কৰে আৰু যিয়ে ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণক ভয়ংকৰ পদক্ষেপ বুলি ভাবে।” ট্ৰাম্পে লগতে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিক সমালোচনা কৰা পোপক মই নিবিচাৰো। ৰাষ্ট্ৰপতিয়ে দাবী কৰিছিল যে লিঅ’ৰ পোপ হোৱাৰ কোনো যোগ্যতা নাই আৰু তেওঁ আমেৰিকান হোৱাৰ বাবেই গীৰ্জাই তেওঁক গ্ৰহণ কৰে।

ট্ৰাম্পৰ সমালোচনাৰ প্ৰতি সঁহাৰি জনাই ভেটিকানৰ বিষয়া ফাদাৰ এণ্টনিঅ’ স্পাডাৰোৱে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এটা নৈতিক কণ্ঠক দমন কৰিব বিচাৰে। বৰদিনৰ পূৰ্বে স্পাদাৰোৱে কয় যে ট্ৰাম্পে পোপ লিঅ’ৰ সৈতে তৰ্ক কৰিব নোৱাৰে। পোপ লিঅ’ৰ কথাৰ গভীৰ প্ৰভাৱ পৰে, যাৰ বাবে ট্ৰাম্প অস্বস্তিত পৰে। ইয়াৰ পূৰ্বে পোপ লিঅ’ই পাৰমাণৱিক অস্ত্ৰৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ বিৰুদ্ধে মাত মাতিছিল।

যোৱা জুন মাহত যেতিয়া ট্ৰাম্পে ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহ আক্ৰমণ কৰাৰ কথা চিন্তা কৰিছিল, তেতিয়া তেওঁ কৈছিল, “পাৰমাণৱিক ভাবুকিৰ পৰা মুক্ত এখন নিৰাপদ বিশ্বৰ প্ৰতিশ্ৰুতি পাৰস্পৰিক সন্মান আৰু প্ৰকৃত আলোচনাৰ জৰিয়তে অনুসৰণ কৰিব লাগিব, যাতে ন্যায়, ভ্ৰাতৃত্ববোধ আৰু সাধাৰণ মংগলৰ ওপৰত ভিত্তি কৰি স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব পৰা যায়।” এই বিতৰ্ক সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে হোৱাইট হাউছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande