আজি তামিলনাডু বিজেপিৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী
চেন্নাই, ১৩ এপ্ৰিল (হি.স.)। তামিলনাডু বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দলে নিজৰ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে (এনডিএ) ৰাজ্যখনত এক বৃহৎ পৰিবৰ্তন সৃষ্টি কৰিব পাৰে। ভাৰতীয় জনতা পাৰ্টিৰ শী
PM Narendra Modi Addressing a huge rally in Biswanath.


চেন্নাই, ১৩ এপ্ৰিল (হি.স.)। তামিলনাডু বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দলে নিজৰ প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে (এনডিএ) ৰাজ্যখনত এক বৃহৎ পৰিবৰ্তন সৃষ্টি কৰিব পাৰে। ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৪ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে তামিলনাডু বিজেপিৰ বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব।

তামিলনাডুত বিজেপিৰ ৫ লাখ বুথ কমিটীৰ সদস্য আছে। এই আলোচনাত তেওঁলোক সকলোৱে অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে। অংশগ্ৰহণকাৰীসকলক ‘নমো’ এপৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোডী তামিলনাডু ভ্ৰমণ। ১৫ এপ্ৰিলত তেওঁ নাগাৰকইলত প্ৰচাৰ চলাব। ১৮ এপ্ৰিলত কইম্বাটুৰত এখন ৰাজহুৱা সভাতো ভাষণ দিব। কংগু অঞ্চলত প্ৰতিদ্বন্দ্বিতা কৰা এআইএডিএমকে-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল মঞ্চত উপস্থিত থাকিব।

আজি কন্দাৰভাকোটৈত প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। ইয়াৰ পিছতে তেওঁ থাঞ্জাভুৰত বুথ কমিটীৰ বিষয়াসকলৰ বৈঠকত অংশ ল’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তামিলনাডুতো প্ৰচাৰ চলোৱাৰ কথা। তেওঁৰ সূচী চূড়ান্ত কৰা হৈছে।

মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিন আৰু এআইএডিএমকেৰ সাধাৰণ সম্পাদক এদাপ্পাদি পালানিস্বামীয়ে এআইএডিএমকে-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande