
নগাঁও, ১৩ এপ্ৰিল (হি.স.)। নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সুতাৰগাও ৰাজহুৱা উচ্চতৰ মাধ্য়মিক বিদ্য়ালয়ত উত্তপ্ত পৰিস্থিতি।
সদ্য ঘোহিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল লাভ কৰাৰ বাবে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে বিদ্যালয় চৌহদৰ ভিতৰত শিক্ষক-শিক্ষয়িত্ৰী সকলক জবাবদিহি কৰে।
২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ পৰা মুঠ ৪৩ জন ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু মাত্ৰ দুজন ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিবলৈ সক্ষম হৈছিল আৰু ৪১ জন ছাত্ৰ-ছাত্ৰীৰ ফলাফল বেয়া হৈছিল। যাৰ বাবে আজি সুতাৰ গাঁও পাব্লিক হাইস্কুলৰ ১৮ গৰাকী শিক্ষক- শিক্ষয়িত্ৰীক ৰাইজে জবাবদিহি কৰাৰ লগতে অতি সোনকালে বিদ্যালয়ৰ পৰা নিজে নিজে বদলি হৈ বেলেগ বিদ্যালয়লৈ গুচি যাবলৈ দাবী জনাই।
স্থানীয় ৰাইজে নগাঁও জিলা আয়ুক্তক অতি সোনকালে বিদ্যালয় খন পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু