
ঢাকা, ১৩ এপ্ৰিল (হি.স.)। শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে দেওবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে (বিচিবি) ১৫ জনীয়া দল ঘোষণা কৰে। বিশ বছৰীয়া উইকেটকীপাৰ বেটছমেন জুয়াইৰিয়া ফৰ্ডোছক প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে।
আন এক উল্লেখযোগ্য সিদ্ধান্তত সোঁহাতৰ বেটছমেন শ্বাৰমিন চুলতানাই ৭ বছৰৰ পাছত এদিনীয়া দললৈ ঘূৰি আহি দলৰ বেটিং অৰ্ডাৰত অভিজ্ঞতা বৃদ্ধি কৰে। দলটোৰ অধিনায়ক হ’ব নিগাৰ চুলতানা জোটি, উপ-অধিনায়ক হিচাপে থাকিব নাহিদা আখতাৰ।
বাংলাদেশৰ হৈ এই পৰ্যন্ত ৭ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলা জুয়াইৰিয়া ফাৰ্ডোছে এদিনীয়া দলত একমাত্ৰ নতুন খেলুৱৈ। তাইৰ নিৰ্বাচনে ইংগিত দিয়ে যে আগন্তুক ব্যস্ত ছিজনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচকসকলে যুৱ খেলুৱৈসকলক সুযোগ দিবলৈ আগ্ৰহী।
শ্ৰীলংকাৰ দলটোৱে ১৭ এপ্ৰিলত বাংলাদেশত উপস্থিত হৈ পোনে পোনে ৰাজশাহীলৈ ৰাওনা হ’ব , য’ত এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব। দুয়োটা দলে শৃংখলাৰ পূৰ্বে দুদিন অনুশীলন কৰিব।
অহা ২০, ২২ আৰু ২৫ এপ্ৰিলত ৰাজশাহী বিভাগীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তিনিখন খেলৰ শৃংখলা। পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’ব সকলো খেল।
ইয়াৰ পিছত ২৬ এপ্ৰিলত এই ভ্ৰমণ চিলেটলৈ স্থানান্তৰিত হ’ব, য’ত চিলেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত তিনিখন খেলৰ টি-২০ শৃংখলা অনুষ্ঠিত হ’ব। ৩ মে’ত ভ্ৰমণ সম্পূৰ্ণ কৰি ঘূৰি আহিব শ্ৰীলংকাৰ দলটো।
বাংলাদেশৰ এদিনীয়া দল:
নিগাৰ চুলতানা জোটি (অধিনায়ক), নাহিদা আখতাৰ (উপ অধিনায়ক), ফাৰ্জানা হক, শোভানা মোষ্টাৰী, ফাহিমা খাতুন, শৰ্মিন আখতাৰ সুপ্ত, ঋতু মনি, শোৰ্না আখতাৰ, ৰাবেয়া খান, শৰ্মিন চুলতান, মৰুফা আখতাৰ, ফৰিহা ইছলাম তৃষ্না, চুলতনা খাতুন, শ্বাঞ্জিদা আখতাৰ মঘলা, জুয়াইৰিয়া ফাৰ্ডোছ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া