
বাক্সা, ১৩ এপ্ৰিল (হি.স.)। ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে।
পৰিয়ালৰ সদস্য তথা আপোন জনক বিহুৱান খন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনী সকল। সমান্তৰালকৈ বাক্সাৰ খাৰিজা বিজনীৰ ভিন্ন প্ৰান্ততো দেখা গৈছে শিপিনীৰ এৰাব নোৱাৰা ব্যস্ততা।
আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাবলৈ ধৰা পৰম্পৰাক এতিয়াও ধৰি ৰাখি ৰঙালীক আদৰাৰ প্ৰয়াস কৰিছে এইসকল শিপিনীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা