মহিলাৰ সংৰক্ষণ নহয়, সীমা নিৰ্ধাৰণহে আচল বিষয়: ছোনিয়া গান্ধী
নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কয় যে দেশত বৰ্তমানৰ ৰাজনৈতিক বিতৰ্ক মহিলা সংৰক্ষণক নহয়, সীমা নিৰ্ধাৰণক কেন্দ্ৰ কৰি হ’ব লাগে। স্বচ্ছ প্ৰক্ৰিয়া, স্পষ্ট মাপকাঠী আৰু বহল সহমত অবিহনে কৰা সীমা নিৰ্ধাৰণে ৰা
सोनिया गांधी (फाइल फोटो)


নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কয় যে দেশত বৰ্তমানৰ ৰাজনৈতিক বিতৰ্ক মহিলা সংৰক্ষণক নহয়, সীমা নিৰ্ধাৰণক কেন্দ্ৰ কৰি হ’ব লাগে। স্বচ্ছ প্ৰক্ৰিয়া, স্পষ্ট মাপকাঠী আৰু বহল সহমত অবিহনে কৰা সীমা নিৰ্ধাৰণে ৰাজ্যসমূহৰ মাজত প্ৰতিনিধিত্বৰ ভাৰসাম্য বিঘ্নিত কৰাই নহয়, ফেডাৰেল গাঁথনি আৰু সাংবিধানিক ব্যৱস্থাতো প্ৰভাৱ পেলাব পাৰে। তাই ইয়াক এক গুৰুতৰ আৰু সুদূৰপ্ৰসাৰী বিষয় বুলি অভিহিত কৰে।

ইংৰাজী কাকতত প্ৰকাশিত এটা প্ৰবন্ধত ছোনিয়া গান্ধীয়ে কয় যে চৰকাৰে মহিলা সংৰক্ষণৰ বিষয়টোক অগ্ৰাধিকাৰ দি প্ৰকৃত চিন্তাৰ পৰা মনোযোগ আঁতৰাইছে। ইতিমধ্যে মহিলা সংৰক্ষণৰ ব্যৱস্থা গৃহীত হৈছে যদিও ইয়াৰ কাৰ্যকৰীকৰণ লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ থকাৰ ফলত অপ্ৰয়োজনীয় পলম হৈছে।

তেওঁ লিখিছে যে ২০২৩ চনত গৃহীত হোৱা নাৰী শক্তি বন্দন আইনত লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ সংৰক্ষণৰ ব্যৱস্থা আছে যদিও কাৰ্যকৰী কৰিবলৈ পৰৱৰ্তী লোকপিয়ল আৰু পৰৱৰ্তী সীমা নিৰ্ধাৰণৰ প্ৰয়োজন। এইটো আগতেই কাৰ্যকৰী কৰিব পৰা গ’লহেঁতেন, যদিহে ৰাজনৈতিক ইচ্ছাশক্তি আছিল।

ছোনিয়া গান্ধীয়ে কয় যে সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ব্লুপ্ৰিণ্ট প্ৰকাশ কৰা হোৱা নাই। ই কেৱল জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আসন আবণ্টনৰ কথা নহয়; ইয়াৰ বাবে ৰাজনৈতিক আৰু আঞ্চলিক ভাৰসাম্যৰ কথাও বিবেচনা কৰাটো প্ৰয়োজন, যাতে জনসংখ্যা নিয়ন্ত্ৰণত সফল হোৱা ৰাষ্ট্ৰসমূহৰ বিৰুদ্ধে বৈষম্য নহয়।

লোকপিয়লত অব্যাহত থকা পলমৰ ফলত বহু চৰকাৰী আঁচনি আৰু অধিকাৰৰ ওপৰত প্ৰভাৱ পৰিছে বুলিও কয় ছানীয়ে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ দৰে বিধানৰ সুবিধাও ৰাইজৰ সম্পূৰ্ণ হাতৰ মুঠিত পোৱা নাই।

ছোনিয়া গান্ধীয়ে কয় যে চৰকাৰে বিশেষ অধিৱেশন আহ্বান কৰিবলৈ লৰালৰি কৰিছে, আনহাতে ইমান গুৰুত্বপূৰ্ণ বিষয় এটা প্ৰথমে সকলো পক্ষৰ সৈতে আলোচনা কৰা উচিত। গণতান্ত্ৰিক প্ৰক্ৰিয়াত সহমত আৰু আলোচনা অতি প্ৰয়োজনীয়।

এই বিষয়ত স্পষ্টতা আনিবলৈ চৰকাৰে সকলো ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হ’ব লাগে আৰু তাৰ পিছত যিকোনো সাংবিধানিক সংশোধনীৰ কাম আগবঢ়াই নিব লাগে বুলিও মন্তব্য কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande