
নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। বৈশাখী উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে সকলোকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।
এই উপলক্ষে অমিত শ্বাহে কয় যে, মই কামনা কৰোঁ যে এই আনন্দ আৰু সুখৰ উৎসৱে আপোনালোকৰ জীৱনলৈ সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনে, আৰু ই যাতে সুখ, শান্তি, আৰু নৱীকৃত শক্তি কঢ়িয়াই আনে।
গডকাৰীয়ে কয়, আনন্দ আৰু সুখৰ পবিত্ৰ উৎসৱ বৈশাখীলৈ আন্তৰিক শুভেচ্ছা! এই উৎসৱে সকলোৰে জীৱনলৈ সুস্বাস্থ্য, সমৃদ্ধি, সুখ কঢ়িয়াই আনক।
মন কৰিবলগীয়া যে বৈশাখী হৈছে কৃষকৰ বাবে প্ৰধানকৈ পঞ্জাৱ আৰু হাৰিয়ানাত প্ৰতি বছৰে ১৩ বা ১৪ এপ্ৰিলত পালন কৰা এক প্ৰধান ৰবি চপোৱা উৎসৱ।শিখ ধৰ্মত ১৬৯৯ চনত গুৰু গোবিন্দ সিংহই খালছা পন্থ প্ৰতিষ্ঠা কৰা স্মৃতিত, আনহাতে হিন্দু বিশ্বাসত আজিৰ দিনটোতে সূৰ্য্য মেষ ৰাশিত প্ৰৱেশ কৰে, আৰু গংগা স্নানৰ শুভ ক্ষণ বুলি গণ্য কৰা হয় ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া