
বঙাইগাঁও, ১৩ এপ্ৰিল (হি.স.): বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰাত যোৱা কালি দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এই ঘটনাত এটি ফুলকমলীয়া শিশু নিহত হয় । সৰিফা আকতাৰ নামৰ চাৰি বছৰীয়া ফুলকমলীয়া শিশুটি দূৰ্ঘটনাত নিহত হয় ।যোগীঘোপাৰ চলন্তাপাৰা ফলিমাৰী গাঁৱত বলে'ৰ পিকাআপৰ খুন্দাত থিতাতে নিহত হয় কনমানি শিশুটি ।
জানিব পৰা মতে ৰাস্তাত খেলি থকা অৱস্থাত এএছ ১৯ এচি ৯৩১৩ নম্বৰৰ বলে'ৰ পিকাআপ বাহন এখনে সৰিফা আকতাৰ (৪) নামৰ শিশুটিক মহতিয়াই লৈ যায় । ফলত থিতাতে নিহত হয় শিশুটি। সৰিফা আকতাৰক লগে লগে চলন্তাপাৰা চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে । ঘটনাৰ খবৰ পোৱা মাত্ৰে যোগীঘোপা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ