গোৰেশ্বৰত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে ১১ জন আহত
কামৰূপ, ১৩ এপ্ৰিল (হি.স.)। আজি পুৱা ৰঙিয়া - ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ গোৰেশ্বৰ চ’কত এক দুৰ্ঘটনা সংঘটিত হয়। ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ১১ গৰাকী লোক আহত হয় ৷ ইয়াৰে দুগৰাকীৰ অৱস্থা সংকট জনক ৷ এখন টেম্পো ভেন এএছ- ২৮ চি-৪৬৬৭ আৰু মাৰুতি ইকো ভ্যান
গোৰেশ্বৰত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে ১১ জন আহত


কামৰূপ, ১৩ এপ্ৰিল (হি.স.)। আজি পুৱা ৰঙিয়া - ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ গোৰেশ্বৰ চ’কত এক দুৰ্ঘটনা সংঘটিত হয়। ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ১১ গৰাকী লোক আহত হয় ৷ ইয়াৰে দুগৰাকীৰ অৱস্থা সংকট জনক ৷ এখন টেম্পো ভেন এএছ- ২৮ চি-৪৬৬৭

আৰু মাৰুতি ইকো ভ্যান এএছ- ১৩ আৰ- ৭৩৭০ ৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়।

টেম্পো গাড়ী খন ৰঙিয়াৰ পৰা আৰু মাৰুতি ইকো ভ্যান খন ভূটানৰ দিশৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল ৷ আৰোহী মহেশ বড়ো থিতাতে নিহত আৰু চালক সহ ১১ গৰাকী লোক আহত ইয়াৰ ভিতৰত দুগৰাকীৰ অৱস্থা সংকট জনক ৷ স্থানীয় ৰাইজ আৰক্ষী আৰু সেনাবাহিনীৰ লোকে উদ্ধাৰ কৰি আহত সকলক তামুলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande