
গোলাঘাট, ১৩ এপ্ৰিল (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অসমৰ প্ৰাণস্পন্দন ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি । নিভাঁজ এখন গ্ৰাম্য অঞ্চলৰ প্ৰতিচ্ছবি গঢ়ি তুলিবলৈ সকলো ব্যস্ত ৰঙালীক আদৰাৰ বাবে । বৰবিল আৰু বচাপথাৰ গাওঁত সকলো ব্যস্ত ৰঙালী বিহুক আদৰাৰ বাবে।
ঘৰৰ কাষতে থকা জেতুকা জোপাৰ পৰা জেতুকাপাত চিঙি দুহাত বোলোৱাত ব্যস্ত ধনশিৰি গাভৰুহত । দৈয়াং -ধনশিৰি পাৰৰ গাভৰু হত ব্যস্ত হৈ পৰিছে পিঠা পনা খুণ্ডাত । জুবিন বিহিন বিহুটোক উদযাপন কৰাৰ পূৰ্বৰ দৰে হেঁপাহ নাই এইবাৰ । চেনাইলৈ বুলি তাঁত বোৱাত ব্যস্ত গাভৰু গৰাকীয়ে তুলিলে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা