
গুৱাহাটী, ১৩ এপ্রিল (হি.স.)। চ'ত গৈ বহাগ পালেহি। এই বহাগ মাহ অসমীয়াৰ বাবে কেৱল এটি ঋতু নহয়। ই অসমীয়াৰ আয়ুষ ৰেখা আৰু অসমীয়া জনজীৱনৰ আশা। এই বহাগ মাহতে অসমীয়াই উলহ-মালহেৰে নৱবৰ্ষ আৰু ৰঙালী বিহু উদযাপন কৰে। বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াই জাতি-জনগোষ্ঠী, ধর্ম, বর্ণ, ভাষা, সম্প্রদায় নির্বিশেষে অসমৰ পাহাৰ-ভৈয়ামৰ সকলো ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ এক বিবৃতিত ৰাজ্যিক সভাপতি শইকীয়াই কয় যে ৰঙালীৰ দৰেই ৰঙীন হৈ পৰক সকলো অসমবাসীৰ মন। আদৰৰ বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল অধিক সুদৃঢ় কৰি সমাজলৈ সমৃদ্ধি আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিব বুলি ৰাজ্যিক সভাপতিয়ে বিবৃতিৰ জৰিয়তে আশা ব্যক্ত কৰে। অসমীয়া নতুন বছৰটোত ৰাজ্যবাসীৰ সুস্বাস্থ্য, সমৃদ্ধিৰ কমানা কৰাৰ লগতে অনাগত প্রতিটো দিনেই শান্তি, সম্প্রীতি আৰু উন্নয়নৰ কামনা কৰি ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বুলি শ্রীশইকীয়াই কয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ