
কামৰূপ, ১৩ এপ্ৰিল (হি.স.): কামৰূপৰ নিজ গন্ধমৌ পানীঅফিচত যোৱা কালি দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । চালকৰ আসনত থকা সুৰাসক্ত যুৱকে আই টুৱেন্টি (i20) বাহনৰে প্ৰচণ্ড জোৰে খুন্দা মাৰে কাৰেণ্টৰ খুঁটাত । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহন খনৰ চালকসহ এজন লোক ।
দুৰ্ঘটনাটোত বাহনখন সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধস্ত হয়। লগতে কাৰেণ্টৰ খুঁটাত খুন্দিওৱাৰ ফলত অঞ্চলবাসী ৰাইজৰ ইলেক্ট্ৰনিক সামগ্ৰী সমূহ ক্ষতিসাধন হয়। দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত আই টুৱেন্টি বাহনখনৰ নম্বৰ এএছ ০১ ডিজে ৭৬১০ বুলি কোৱা হৈছে। বাহনখন ভিতৰত সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে।দুৰ্ঘটনাত সংঘটিত কৰা বাহনখন গন্ধমৌ অঞ্চলৰ বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত শুৱালকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ