জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ছাৰিপুখুৰীৰ পকী পথত ভয়ংকৰ পথ দুৰ্ঘটনা
জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ছাৰিপুখুৰীৰ পকী পথত ভয়ংকৰ পথ দুৰ্ঘটনা।
জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ছাৰিপুখুৰীৰ পকী পথত ভয়ংকৰ পথ দুৰ্ঘটনা


শোণিতপুৰ, ১৩ এপ্ৰিল (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ছাৰিপুখুৰীৰ পকী পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত দুজন লোক গুৰুতৰ ভাবে আহত হয়।

জানিব পৰা মতে এএছ চি ৩১৩২ নম্বৰৰ বলেৰ পিকাপ ভান আৰু এএছ ১২ জি ৩৯৪০ নম্বৰৰ হুন্দাই ইয়ন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ৷ ৷ আহত এজনৰ নাম প্ৰাঞ্জল শইকীয়া আৰু আন জনৰ নাম জানিব পৰা হোৱা নাই৷ আহত দুয়োকে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande