
তামুলপুৰ, ১৩ এপ্ৰিল (হি.স.): তামুলপুৰ জিলাৰ গোৰেশ্বৰ চ’কত আজি সোমবাৰে পুৱা প্ৰায় ৬ বজাত এক অতি ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী টেম্পো আৰু ইকো ভেনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত মহেশ বড়ো নামৰ এগৰাকী ৪০ বছৰীয়া ব্যক্তিৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ১১ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, ৰঙিয়াৰ পৰা তামুলপুৰ অভিমুখে আহি থকা এএছ ২৮ চি ৪৬৬৭ নম্বৰৰ যাত্ৰীবাহী টেম্পোখনৰ সৈতে বিপৰীত দিশৰ পৰা অৰ্থাৎ ভূটানৰ ফালৰ পৰা ৰঙিয়া অভিমুখে গৈ থকা এএছ ১৩ আৰ ৭৩৭০ নম্বৰৰ ইকো ভেনখনৰ মাজত এই প্ৰচণ্ড সংঘৰ্ষ লাগে। কৰ্মসূত্ৰে গুজৰাটত কাম কৰা শ্ৰমিকে ৰঙালী বিহুৰ বাবে ৰঙিয়া ৰে'ল ষ্টেচনত নামি যাত্ৰীবাহী টেম্পোখনত নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত এই কৰুণ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোৰ পাছতে ঘটনাস্থলীত ভাৰতীয় সেনাবাহিনীৰ লোক আৰু স্থানীয় ৰাইজ উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় আৰু আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী লোককে ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহতসকলৰ ভিতৰত দুগৰাকীৰ অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে। এই কৰুণ ঘটনাই বৰ্তমান সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ