ধিঙৰ মখুটি চাৰিআলিত ভয়ংকৰ পথ দূৰ্ঘটনা
ধিঙৰ মখুটি চাৰিআলীত ভয়ংকৰ পথ দূৰ্ঘটনা।
ধিঙৰ মখুটি চাৰিআলিত ভয়ংকৰ পথ দূৰ্ঘটনা


নগাঁও, ১৩ এপ্ৰিল (হি.স.): নগাঁও জিলাৰ ধিঙৰ মখুটি চাৰিআলিত যোৱা কালি দেওবাৰে সন্ধিয়া ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। তিনিখন বাইকৰ মুখামুখি সংঘর্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাত থিতাতে এজন লোক নিহত হয়। আনহাতে গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত পাঁচ জনক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।

দুৰ্ঘটনাটোত থিতাতে মৃত্যু হোৱা যুৱক জনৰ নাম ৱাচিম আক্ৰাম বুলি জনা গৈছে । সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি থকা যুৱক কেইজনৰ নাম ফুজাইল ছাহ আহমেদ, জিয়াউৰ ৰহমান, আবু ছমাদ হিৰা আলম বুলি পৰিচয় পোৱা গৈছে । দূৰ্ঘটনাগ্ৰস্ত বাইক কেইখনৰ নম্বৰ ক্ৰমে এএছ ০২ এপি ৬৬৭০, এএছ ২১ এন ২৯১৩ আৰু এএছ ০২ এএন ৯১২৭ বুলি জনা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande