
নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞাৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কংগ্ৰেছ মিডিয়া বিভাগৰ সভাপতি পৱন খেৰাক সমৰ্থন জনাইছে। ৰাহুল গান্ধীয়ে কয়, আমি ভয় নাখাও। কংগ্ৰেছ পৱন খেৰাৰ সৈতে থিয় দিছে।
সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত ৰাহুল গান্ধীয়ে অসমৰ মুখ্যমন্ত্ৰীক দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰী হিচাপে শৰ্মাই চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজনৈতিক বিৰোধী আৰু সমালোচকক হাৰাশাস্তি কৰিছে বুলিও তেওঁ কয়। এয়া সংবিধানৰ বিৰুদ্ধে।
মুখ্যমন্ত্রীৰ পত্নীৰ বিৰুদ্ধে পৱন খেৰাই উত্থাপন কৰা অভিযোগৰ তদন্ত হ’ব লাগে বুলিও তেওঁ কয়৷ চৰকাৰী কাৰ্য্যকলাপত স্বচ্ছতাৰ পোষকতা কৰি তেওঁ কয় যে স্বচ্ছতা, ক্ষমতাৰ জবাবদিহিতা আৰু আইনৰ শাসন সাংবিধানিক মূল্যবোধৰ ভিত্তি । বিষয়টোৰ তদন্ত কৰিব লাগে। তেওঁ কয়, আমি ভয় নাখাও। কংগ্ৰেছ পৱন খেৰাৰ সৈতে থিয় দিছে।
মন কৰিবলগীয়া যে ৫ এপ্ৰিলত দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলৰ সময়ত পৱন খেৰাই মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নী ৰিনিকি ভূঞাৰ বিৰুদ্ধে সংযুক্ত আৰব আমিৰশ্বাহী, এন্টিগুয়া-বাৰ্মুডা, ইজিপ্তকে ধৰি তিনিখন ভিন্ন দেশৰ বৈধ পাছপ’ৰ্ট ৰখাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাইমিং আৰু ইউ এ ইত কোটি কোটি মূল্যৰ সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু শৰ্মাই এই দাবীক কু-অভিপ্ৰায় আৰু মনেসজা বুলি খাৰিজ কৰি ৪৮ ঘণ্টাৰ ভিতৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰিনিকি ভূঞাৰ এফআইআৰৰ পিছতে ৭ এপ্ৰিলত অসম আৰক্ষীয়ে পৱন খেৰাৰ দিল্লী বাসগৃহত অভিযান চলায়। খেৰাক ঘৰত পোৱা নগ’ল যদিও আৰক্ষীয়ে তেওঁৰ মোবাইল ফোন, আইপেড, লেপটপ, পেন ড্ৰাইভ গেজেট জব্দ কৰে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia