ৰাষ্ট্ৰপতি মুৰ্মুৰ আজি আৰু কাইলৈ গুজৰাট, ১৫-১৬ এপ্ৰিলত মহাৰাষ্ট্ৰ ভ্ৰমণ
নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। আজিৰে পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুখন ৰাজ্য ভ্ৰমণ। আজি সোমবাৰে আৰু কাইলৈ মঙলবাৰে গুজৰাট ভ্ৰমণ কৰিব আৰু ১৫-১৬ এপ্ৰিলত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ সমাৱৰ্তন আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰি
राष्ट्रपति द्रौपदी मुर्मु । फोटो - इंटरनेट मीडिया


নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। আজিৰে পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুখন ৰাজ্য ভ্ৰমণ। আজি সোমবাৰে আৰু কাইলৈ মঙলবাৰে গুজৰাট ভ্ৰমণ কৰিব আৰু ১৫-১৬ এপ্ৰিলত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ সমাৱৰ্তন আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

ৰাষ্ট্ৰপতি সচিবালয়ৰ তথ্য অনুসৰি আজি ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাজকোটত এইমছৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ১৪ এপ্ৰিলত ড০ ভীমৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকী উপলক্ষে গান্ধীনগৰৰ লোকভৱনত অনুষ্ঠিত হ’বলগীয়া ‘সামাজিক সম্প্ৰীতি মহোৎসৱ’ত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তনত অংশগ্ৰহণ কৰিব ।

ইফালে অহা ১৫ এপ্ৰিলত নাগপুৰত অনুষ্ঠিত হ’বলগীয়া এইমছৰ দ্বিতীয় সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুয়ে। নেশ্যনেল একাডেমী অৱ ডাইৰেক্ট টেক্সত ভাৰতীয় ৰাজহ সেৱা (আয়কৰ)ৰ ৭৮ নং গোটৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ বিদায়ী অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ১৬ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে ৱৰ্ধাত মহাত্মা গান্ধী আন্তঃৰাষ্ট্ৰীয় হিন্দী বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande