
নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৈশাখী, বিষু, বিষুৱ, ব’হাগ বিহু, পইলা বৈশাখ, মেষাদী, বৈশাখাদী আৰু পুথাণ্ডুৰ প্ৰাকক্ষণত ভাৰত-বিদেশৰ সকলো ভাৰতীয়লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ১৪ আৰু ১৫ এপ্ৰিলত দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হ’ব এই উৎসৱসমূহ।
তেওঁৰ বাৰ্তাত ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে এই উৎসৱসমূহ দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত পালন কৰা হয় আৰু শস্য চপোৱাৰ বতৰৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱসমূহৰ জৰিয়তে আমি পৃথিৱী মাতৃ আৰু আমাক খাদ্য যোগান ধৰা কৃষকসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ চহকী সাংস্কৃতিক ঐতিহ্য, কৃষি পৰম্পৰা, আৰু জাতীয় ঐক্য এই উৎসৱসমূহত প্ৰতিফলিত হয়।
এই সকলোবোৰ উৎসৱে দেশবাসীৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনে আৰু সকলোকে জাতি আৰু সমাজৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰক বুলি তেওঁ কামনা কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ