
ওদালগুৰি, ১৩ এপ্ৰিল (হি.স.): ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ টংলাৰ পুৰন্দিয়াতো ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। ১ আৰু ২ ব'হাগত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন হ'ব এই উৎসৱ।
অসমীয়াৰ বাপতি-সাহন ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন ভাৱে এইবাৰ প্ৰথমটি ব'হাগ উদযাপন কৰিব ৰাজ্যবাসীয়ে । জুবিনৰ অবৰ্তমানত ৰাজ্যৰ কেইবাখনো বিহু সমিতিয়ে এইবেলি বিহু নপতাৰ সিদ্ধান্ত লৈছে যদিও ঠায়ে ঠায়ে চেনেহৰ বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। সমান্তৰালভাৱে ওদালগুৰি জিলা টংলাৰ পুৰন্দিয়াত মৌচুমি সংঘৰ উদ্যোগত অসমীয়াৰ হৃদ স্পন্দন শিল্পী গৰাকীক সুঁৱৰি ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে।
ৰঙালী বিহু উদযাপনৰ লগত সংগতি ৰাখি মৌচুমী সংঘই আয়োজন কৰিছে ১০ দিনীয়া বিহু, নাচ আৰু ঢোল, পেপা বাদনৰ কৰ্মশালা। কৰ্মশালাত অঞ্চলটোৰ ডেৰ শতাধিক কন কন শিশু মইনা কিশোৰীয়ে অংশগ্ৰহণ কৰে।আনহাতে অহা ১ আৰু ২ বহাগত পুৰন্দিয়াত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'ব ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু । উদযাপনত প্ৰাণৰ শিল্পী গৰাকীক সুৱৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে অঞ্চলটোৰ ২ শতাধিক মহিলা যুৱতীৰে পৰিৱেশন কৰিব মায়াবিনী। সেয়েহে পুৰন্দিয়া মৌচুমী সংঘৰ ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰাৰ বাবে অঞ্চলটোৰ সকলো ৰাইজৰ সহায় সহযোগিতা কৰাৰ আহ্বান জনাইছে আয়োজকসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ