
শিৱসাগৰ, ১৩ এপ্ৰিল (হি.স.): ৰাজ্যত এতিয়া ৰঙালী বিহুক আদৰাৰ বিপুল ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ৰঙালী বিহু বুলিলেই বাঢ়ে অসমীয়া জীয়ৰী বোৱাৰীৰ আখলৰ ব্যস্ততা। প্ৰতিঘৰ অসমীয়াৰ আখলঘৰ সমূহত ব্যস্ততাৰ অন্ত নোহোৱা হয় ।
এটা সময়ত ৰঙালী বিহুৰ পূৰ্বে প্ৰতিখন গাৱত শুনিবলৈ পোৱা গৈছিল ঢেকীৰ শব্দ। ঢেকীৰ শব্দৰ লগতে ব্যস্ততাৰ মাজতো জীয়ৰী বোৱাৰীৰ আনন্দ ফূৰ্তি। বৰ্তমান সময়ত তেনে পৰিবেশ নাই যদিও শিৱসাগৰ জিলাৰ ভটিয়াপাৰ অঞ্চলত আজিও গাৱৰ মহিলাসকল একত্ৰিত হৈ ঢেকীত পিঠাগুৰি খুন্দি পিঠা-পনা তৈয়াৰ কৰাৰ পৰম্পৰা অব্যাহত আছে ।
ৰঙালী বিহুত অতিথি আপ্যায়ণৰ বাবে সমূহীয়াকৈ পিঠা-পণা তৈয়াৰত ব্যস্ত এই শিৱসাগৰ জিলাৰ ভটিয়াপাৰ অঞ্চলৰ মহিলাসকল । সমান্তৰালভাৱে শিপিনী সকল ব্যস্ত হৈ পৰিছে তাঁতশালত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ