শীঘ্ৰে ভাৰত ভ্ৰমণলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ, প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণ গ্ৰহণ
কাঠমাণ্ডু, ১৩ এপ্ৰিল (হি.স.)। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে । ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শীঘ্ৰে নেপাল ভ্ৰমণৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা। মৰ
नेपाल के विदेश मंत्री शिशिर खनाल


কাঠমাণ্ডু, ১৩ এপ্ৰিল (হি.স.)। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে । ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শীঘ্ৰে নেপাল ভ্ৰমণৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা।

মৰিচাছৰ পৰা উভতি অহাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত খানালে কয় যে বৰ্তমান চৰকাৰৰ নীতি হৈছে সকলো দেশৰ সৈতে বন্ধুত্বপূৰ্ণ, সুষম আৰু শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰখা। তেওঁৰ চৰকাৰে সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা, আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি দেশৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শক্তিশালী কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত বৈদেশিক মন্ত্ৰী খানালে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত আলোচনা হোৱা বুলিও অৱগত কৰে।

মৰিচাছত ইণ্ডিয়া ফাউণ্ডেচনে আয়োজন কৰা ভাৰত মহাসাগৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত বৈদেশিক মন্ত্ৰী খানালে কয় যে ভ্ৰমণৰ সময়ত তেওঁ ভাৰত, ভূটান, বাংলাদেশ, মৰিচাছ আদিকে ধৰি এক ডজনৰো অধিক দেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande