নগাঁৱৰ খ্ৰীষ্ট জ্যোতি বিদ্যালয়ত বিহুৰ আয়োজন
নগাঁও, ১৩ এপ্ৰিল (হি.স.)। মূলত আমাৰ যিডাল শিপা, সেৱা পাহৰিব লাগিব। এজন অসমীয়া হিচাপে আমি পৃথিৱীৰ সকলোখিনি বস্তু আঁকোৱালি লম, কিন্তু, মূলত আমি আমাৰ শিপাডাল যদি পাহৰি যাওঁ, তেতিয়াআমাৰ ভুল হব। আমি আমাৰ সংস্কৃতি আমাৰ সমাজখন ধৰি ৰাখিব লাগিব। এই সংস্কৃ
নগাঁৱৰ খ্ৰীষ্ট জ্যোতি বিদ্যালয়ত বিহুৰ আয়োজন


নগাঁও, ১৩ এপ্ৰিল (হি.স.)। মূলত আমাৰ যিডাল শিপা, সেৱা পাহৰিব লাগিব। এজন অসমীয়া হিচাপে আমি পৃথিৱীৰ সকলোখিনি বস্তু আঁকোৱালি লম, কিন্তু, মূলত আমি আমাৰ শিপাডাল যদি পাহৰি যাওঁ, তেতিয়াআমাৰ ভুল হব। আমি আমাৰ সংস্কৃতি আমাৰ সমাজখন ধৰি ৰাখিব লাগিব। এই সংস্কৃতি ধৰি ৰখাত বিহুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আজি ৰঙালী বিহুৰ উৰুকাৰ দিনা এই মন্তব্য নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ।

নগাঁৱৰ অগ্ৰনী শিক্ষানুষ্ঠান খ্ৰীষ্ট জ্যোতি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ কৃষ্টি-সংস্কৃতি পৰিচয় কৰোৱাৰ উদ্দেশ্যে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে। বিদ্যালয় খনৰ ফাডাৰ, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকৰ ঐকান্তিক প্ৰচেষ্টাত বিদ্যালয় খনতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অনুষ্ঠানত বিহুক আদৰাৰ সংস্কৃতি, হুচৰি সংস্কৃতি, গৃহস্থৰ সেৱাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে জাতীয় সংস্কৃতি বিহুনাম, বিহুনাচ পৰিবেশন কৰাত পৰিবেশ উখল মাখল হৈ পৰে। জাতীয় সাজ পৰিধান কৰি ছাত্ৰ-ছাত্ৰীসকলে বিহু নাচ, আকৰ্ষণীয় ঢোল বাদন পৰিবেশন কৰি জাতীয় সংস্কৃতি প্ৰতিফলিত কৰি পৰিৱেশ সুন্দৰ কৰি তোলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande