
নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃত্ব (এনএইচএ)এ নবপ্ৰৱৰ্তকসকল, ছাত্ৰ-ছাত্ৰীৰা, ডেভেলপাৰসকল আৰু ষ্টাৰ্টআপসকলক আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অনুসৰি আয়োজন কৰা এবি পিএম-জেএৱাই অ'টো-এজন্ডু্কেশ্বন হেকাথ'ন ২০২৬ত অংশ লবলৈ আমন্ত্ৰণ জনাইছে।
একতাৰ উদ্দেশ্য হৈছে স্বাস্থ্য বীমাৰ দাবীসমূহ নিষ্পত্তি প্ৰক্ৰিয়াটো অধিক দ্ৰুত, সঠিক আৰু পৰদৰ্শী কৰি তোলাৰ বাবে নতুন ডিজিটেল সমাধান বিকাশ কৰা।
সোমবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি বৰ্তমান এই আঁচনিৰ অধীনত দৈনিক প্ৰায় ৫০ হাজাৰ দাবী নিষ্পত্তি কৰা হয়, ইয়াৰে মাত্ৰ ১৫-২০ শতাংশহে স্বয়ংক্ৰিয়। দাবীসমূহৰ ক্ৰমবৰ্ধমান সংখ্যা আৰু জটিলতাক লক্ষ্য কৰিলে, এটা উন্নত, এআই-ভিত্তিক স্বয়ংক্ৰিয় ব্যৱস্থাৰ প্ৰয়োজন আছে যিয়ে বিভিন্ন চিকিৎসা পেকেজ আৰু নথিপত্ৰ বিন্যাসসমূহ ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই হেকাথনত উৎসাহী সঁহাৰি লাভ কৰিছে, এতিয়ালৈকে ২৬০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। ইচ্ছুক অংশগ্ৰহণকাৰীয়ে ২০২৬ চনৰ ১৩ এপ্ৰিললৈকে চৰকাৰী পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব।
অংশগ্ৰহণকাৰীসকলক সহায় কৰিবলৈ ১৩ এপ্ৰিলৰ পৰাও মাষ্টাৰক্লাছ ছিৰিজ আৰম্ভ হ’ব, দাবী নিষ্পত্তি ব্যৱস্থা, হেকাথনৰ আশা, আৰু ডিজিটেল স্বাস্থ্যৰ উদ্ভাৱনৰ সুযোগৰ তথ্য প্ৰদান কৰা হ’ব।
অহা ৮ আৰু ৯ মে’ত বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অনুষ্ঠিত হ’ব এই হেকাথনৰ গ্ৰেণ্ড ফিনালে। বিজয়ী দলসমূহে ৫ লাখ, ৩ লাখ, আৰু ২ লাখ ₹ৰ নগদ পুৰস্কাৰ লাভ কৰাৰ লগতে এন এইচ এৰ সৈতে সহযোগিতা কৰাৰ সুযোগ লাভ কৰিব।
এই পদক্ষেপক দেশত ডিজিটেল স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ লগতে হিতাধিকাৰীসকলক উন্নত আৰু স্বচ্ছ স্বাস্থ্যসেৱা প্ৰদানৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। আগ্ৰহী ছাত্ৰ-ছাত্ৰী, গৱেষক, ডেভেলপাৰ, পেছাদাৰী, ষ্টাৰ্টআপ, আৰু উদ্ভাৱকসকলে অফিচিয়েল পৰ্টেল https://nha.gov.in/hackathon ৰ জৰিয়তে ১৩ এপ্ৰিল, ২০২৬ লৈকে পঞ্জীয়ন কৰিব পাৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া