স্বামীৰ চিকিৎসাৰ বাবে দুহাত পাতি কান্দি কান্দি সহায় ভিক্ষা অসহায় পত্নীৰ
স্বামীৰ চিকিৎসাৰ বাবে দুহাত পাতি কান্দি কান্দি সহায় ভিক্ষা অসহায় পত্নীৰ।
স্বামীৰ চিকিৎসাৰ বাবে দুহাত পাতি কান্দি কান্দি সহায় ভিক্ষা অসহায় পত্নীৰ


বৰপেটা, ১৩ এপ্ৰিল (হি.স.): স্বামীৰ চিকিৎসাৰ বাবে দুহাত পাতি কান্দি কান্দি সহায় ভিক্ষা কৰিছে অসহায় পত্নীয়ে ।বৰপেটা জিলাৰ কলগাছিয়াৰ ধৰ্মপুৰত কাশেম খান নামৰ মানুহ জনে বিগত দুটা বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ বিছনাত পৰি ছটফটাই আছে। হাতত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন নথকাৰ বাবে বিছনাতে পৰি আছে। ইতিমধ্যে নিজৰ সামৰ্থৰে কেইবাখনো চিকিৎসালয়ত চিকিৎসা কৰি কোনো ধৰণৰ সুফল নাপাই, নিজৰ আৰ্জিত ধন সম্পত্তি শেষ কৰি অৱশেষত ৰাইজৰ ওচৰত আৰ্থিকৰ বাবে সাহায্য বিচাৰিছে।

এই দুখীয়াজনক সামান্য পৰিমাণে হ'লেও দান দি তেখেতক যাতে উন্নত চিকিৎসা কৰি নিজৰ ল'ৰা ছোৱালীক লৈ এই পৃথিৱীত জীয়াই থাকিব পাৰে, তাৰেই কামনা কৰিছে তেওঁৰ লগতে ওচৰ চুবুৰীয়াই । তেখেতৰ নিজ নামৰ ফোনপে 7399243793 নম্বৰত নাইবা স্কেনাৰৰ জড়িয়তে সহায় কৰিবলৈ আহ্বান জনাইছে। যিসকলে আৰ্থিক ভাৱে সহায় কৰিব নোৱাৰে অন্ততঃ এটা শ্বেয়াৰেৰে আনক সহায়ৰ সুযোগ কৰি দিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande