মাৰ্ঘেৰিটাৰ লিডুত বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তি নিহত
তিনিচুকিয়া, ১৩ এপ্ৰিল (হি.স.)। মাৰ্ঘেৰিটাৰ লিডুত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তিৰ মৃত্যু। মৃত ব্যক্তিজনৰ নাম ছহিদউল্লা আলি ( ৪৫) বুলি জানিব পৰা গৈছে। লিডুৰ ইটাখুলা পিৰু লাইনত সংঘটিত হৈছে উক্ত ঘটনা। পুৱাই সংঘটিত হোৱা উক্ত ঘটনাই চাঞ্চল্যকৰ পৰিস্থ
মাৰ্ঘেৰিটাৰ লিডুত বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তি নিহত


তিনিচুকিয়া, ১৩ এপ্ৰিল (হি.স.)। মাৰ্ঘেৰিটাৰ লিডুত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ এজন ব্যক্তিৰ মৃত্যু। মৃত ব্যক্তিজনৰ নাম ছহিদউল্লা আলি ( ৪৫) বুলি জানিব পৰা গৈছে। লিডুৰ ইটাখুলা পিৰু লাইনত সংঘটিত হৈছে উক্ত ঘটনা। পুৱাই সংঘটিত হোৱা উক্ত ঘটনাই চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

ক'ল ইণ্ডিয়াৰ বিদ্যুৎ কতৃপক্ষৰ গাফিলতিৰ বাবেই উক্ত সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।। ইতিমধ্যে লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande