মানকাচাৰত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে আৰম্ভ হৈছে ভয়ংকৰ গৰাখহনীয়া
মানকাচাৰ, ১৩ এপ্ৰিল (হি.স.)। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীত আৰম্ভ হৈছে ভয়ংকৰ গৰাখহনীয়া ৷ নিশাৰ ভিতৰতে গৰাখহনীয়াত বিলীন কেইবাখনো ঘৰৰ মাটি-ভেটি ৷ গৰাখহনীয়াৰ চৰম ভাবুকিত সুখচৰ গাঁৱৰ লগতে সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়
মানকাচাৰত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে আৰম্ভ হৈছে ভয়ংকৰ গৰাখহনীয়া


মানকাচাৰ, ১৩ এপ্ৰিল (হি.স.)। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীত আৰম্ভ হৈছে ভয়ংকৰ গৰাখহনীয়া ৷ নিশাৰ ভিতৰতে গৰাখহনীয়াত বিলীন কেইবাখনো ঘৰৰ মাটি-ভেটি ৷ গৰাখহনীয়াৰ চৰম ভাবুকিত সুখচৰ গাঁৱৰ লগতে সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

নিৰাপদ স্থান বিচাৰি হাহাকাৰ নৈপৰীয়া ৰাইজৰ ৷

দীৰ্ঘদিন ধৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহন নকৰাত স্থানীয় ৰাইজে নিজৰ গাঠিৰ ধনেৰে বল্ডাৰ স্পাৰৰ ব্যৱস্থা কৰিছিল যদিও সেই স্পাৰো আজি ব্ৰহ্মপুত্ৰত জাহ গৈছে ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে ১৯৪৭ চনত স্থাপিত এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সুখেৰে থানা , সুখচৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ লগতে কেইবাটাও চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে সুখচৰ ঐতিহাসিক গাঁও খন বৰ্তমান ব্ৰহ্মপুত্ৰৰ চৰম ভাবুকি পৰিছে ৷

যাৰ বাবে স্থানীয় ৰাইজে সেই অঞ্চলত ব্ৰহ্মপুত্ৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষক কাতৰ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande