
দৰং, ১৩ এপ্ৰিল (হি.স.)। মঙলদৈত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী বৃদ্ধ নিহত হব লগা হয়। মঙলদৈ চহৰৰ মাজমজিয়াত বেগামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো। তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে এগৰাকী বৃদ্ধক। বৃদ্ধ গৰাকীয়ে চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত গুৱাহাটী অভিমুখে আহি থকা এখন ট্টাকে মহতিয়াই নিলে অপৰীয়াৰ জয়নাল আবেদিন নামৰ বৃদ্ধ গৰাকীক।দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত জিলা যানবাহন আৰক্ষী উপস্থিত হয়।
মঙলদৈ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত আহত বৃদ্ধ গৰাকীক অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে লোক জনক। দুৰ্ঘটনা সংঘটিত কৰা ট্টাক খনৰ নম্বৰ এএছ ২৬ এচি ০৪৪৮।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা