তামিলনাডুৰ ‘ডাবল ইঞ্জিন চৰকাৰ’-এ উন্নয়ন ত্বৰান্বিত কৰিবঃ নৰেন্দ্ৰ মোডী
নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কয় যে তামিলনাডুৰ জনসাধাৰণে পৰিৱৰ্তনৰ আশাৰে বিজেপি নেতৃত্বাধীন এন ডি এৰ ফালে চাই আছে, আৰু শ্ৰমিকসকলৰ কঠোৰ পৰিশ্ৰমে এক ইতিবাচক পৰিৱেশৰ সৃষ্ট
प्रधानमंत्री नरेन्द्र मोदी का मेरा बूथ सबसे मजबूत संवाद के दौरान


নতুন দিল্লী, ১৩ এপ্ৰিল (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কয় যে তামিলনাডুৰ জনসাধাৰণে পৰিৱৰ্তনৰ আশাৰে বিজেপি নেতৃত্বাধীন এন ডি এৰ ফালে চাই আছে, আৰু শ্ৰমিকসকলৰ কঠোৰ পৰিশ্ৰমে এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছে। তেওঁ জোৰ দি কয় যে যদি তামিলনাডুত ‘ডাবল ইঞ্জিন চৰকাৰ’ গঠন হয়, তেন্তে উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডু বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মেৰা বুথ সবছে মাজবুত সংবাদ - তামিলনাডু শীৰ্ষক ভাৰ্চুৱেল কাৰ্যসূচীৰ সময়ত তেওঁলোকক সৰু সৰু গোটৰ বৈঠক আয়োজন কৰি নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ আহ্বান জনায়। তেওঁ বিশেষকৈ যুৱ ভোটাৰসকলৰ ওচৰলৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ক্ষমতাত নথকা সত্ত্বেও এন ডি এয়ে ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰা উল্লেখযোগ্য কামৰ বিষয়ে তেওঁলোকক অৱগত কৰা উচিত।

কৃষকৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কল্যাণ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সুবিধা যাতে পোনপটীয়াকৈ কৃষকৰ মাজলৈ যায় তাৰ বাবে মধ্যভোগীৰ ভূমিকা নাইকিয়া কৰা হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত তামিলনাডুৰ কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হাজাৰ হাজাৰ কোটি টকা ট্ৰেন্সফাৰ কৰা হৈছে। তদুপৰি শস্য বীমা আঁচনিৰ অধীনত কৃষকৰ দাবীৰ বৃহৎ পৰিসৰৰ নিষ্পত্তি কৰা হৈছে।

স্বাস্থ্য খণ্ডৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত দশকত তামিলনাডুত ১১খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, আৰু চিকিৎসা আসনৰ সংখ্যা দুগুণ হৈছে। তেওঁ ইয়াক মধ্যবিত্ত শ্ৰেণীৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ ৰে’লৱে, ৰাষ্ট্ৰীয় ঘাইপথ, বিমানবন্দৰৰ সৈতে জড়িত কেইবাটাও বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ দ্ৰুত অগ্ৰগতিৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মুদ্ৰা যোজনাৰ অধীনত লাখ লাখ যুৱক-যুৱতী, ক্ষুদ্ৰ ব্যৱসায়ী, আৰু বিশেষকৈ মহিলাক জামিনবিহীন ঋণ প্ৰদান কৰা হৈছে, যাৰ ফলত স্ব-নিয়োগ প্ৰসাৰ ঘটিছে। এই আঁচনিসমূহৰ সুবিধা যাতে সমাজৰ শেষ ব্যক্তিৰ ওচৰলৈ যায় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চেষ্টা চলাইছে।

তেওঁ ৰাজ্যৰ ডি এম কে চৰকাৰক সমালোচনা কৰি অভিযোগ কৰে যে ইয়াৰ মনোভাৱে বহু দৰিদ্ৰ আৰু প্ৰাপ্য পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা লাভ কৰিবলৈ বাধা প্ৰদান কৰে। তেওঁ কয় যে উপযুক্ত জৰীপৰ অভাৱ আৰু যোগ্য লোকক তালিকাত অন্তৰ্ভুক্ত নকৰাৰ বাবে লাখ লাখ পৰিয়াল পুকা ঘৰৰ পৰা বঞ্চিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে আইন-শৃংখলাৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে তামিলনাডুত মহিলাৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। ড্ৰাগছ আৰু অবৈধ সুৰাৰ নেটৱৰ্ক বৃদ্ধি পাইছে, যাৰ ফলত যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ ওপৰত প্ৰভাৱ পৰিছে। এনে অবৈধ কাৰ্যক ৰাজ্য চৰকাৰে সুৰক্ষা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে।

দুৰ্নীতিৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ডি এম কে চৰকাৰৰ অধীনত দুৰ্নীতি ব্যৱস্থাৰ অংশ হৈ পৰিছে। তেওঁ অভিযোগ কৰে যে কেইবাজনো মন্ত্ৰী আৰু বিভাগ অনিয়মৰ সৈতে জড়িত হৈ আছে, আৰু দুৰ্নীতি, কমিচন, ধন দাবী আদি ৰাজ্য চৰকাৰৰ চিনাকি হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে দলীয় কৰ্মীসকলক চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত লোকসকলক চিনাক্ত কৰি সজাগতা সৃষ্টিৰ আহ্বান জনায়। ভৱিষ্যতে যদি এন ডি এ চৰকাৰ গঠন হয় তেন্তে প্ৰতিটো যোগ্য পৰিয়ালক এটা পুক্কা ঘৰৰ ব্যৱস্থা কৰা হ’ব আৰু উন্নয়নৰ সুবিধাসমূহ সকলোকে বিয়পিব বুলি তেওঁ আশ্বাস দিয়ে। ইয়াক মোডীৰ নিশ্চয়তা বুলি অভিহিত কৰি তেওঁ দলীয় কৰ্মীসকলক এই বাৰ্তা সকলোৰে মাজলৈ বিয়পাই দিবলৈ আহ্বান জনায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande