মহাৰাষ্ট্ৰৰ থানেত দুখন বাহনৰ সংঘৰ্ষত ৮ জন লোক নিহত, এজন আহত
মুম্বাই, ১৩ এপ্ৰিল (হি.স.)। মহাৰাষ্ট্ৰৰ থানে জিলাৰ কল্যাণ-অহিল্য নগৰ ঘাইপথৰ ৰাইটে গাঁৱৰ সমীপত সোমবাৰে পুৱা এখন চিমেণ্ট মিক্সাৰ ট্ৰাকে এখন পিকআপ ট্ৰাকৰ সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয়। আহত এজন লোকক মুৰ্বাদ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাৰ
फोटो: ठाणे में दुर्घटना ग्रस्त वाहन


মুম্বাই, ১৩ এপ্ৰিল (হি.স.)। মহাৰাষ্ট্ৰৰ থানে জিলাৰ কল্যাণ-অহিল্য নগৰ ঘাইপথৰ ৰাইটে গাঁৱৰ সমীপত সোমবাৰে পুৱা এখন চিমেণ্ট মিক্সাৰ ট্ৰাকে এখন পিকআপ ট্ৰাকৰ সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয়। আহত এজন লোকক মুৰ্বাদ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে তিতাৱালা আৰক্ষী থানাৰ দলে।

আৰক্ষীৰ মতে, পিকআপ ট্ৰাকখন মুৰ্বাদৰ পৰা কল্যাণলৈ গৈ আছিল। পুৱা প্ৰায় ১১ বজাত ৰাইটে গাঁৱৰ সমীপত নতুনকৈ নিৰ্মাণ কৰা দলংখনত সন্মুখৰ পৰা আহি থকা চিমেণ্ট মিক্সাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন আহত লোকক মুৰ্বাদ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তিতাৱালা আৰক্ষী থানাৰ দলটোৱে মৃত লোকজনক চিনাক্ত কৰাৰ চেষ্টা চলাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande