
মুম্বাই, ১৩ এপ্ৰিল (হি.স.)। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছৰ অধ্যক্ষতাত সোমবাৰে মুম্বাইত অনুষ্ঠিত এখন বৈঠকত ৰাজ্যিক কেবিনেটে ‘আশা ভোছলে মিউজিক একাডেমী’ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সিদ্ধান্তৰ লগে লগে কেবিনেট বৈঠকত মুঠ আঠটা সিদ্ধান্ত লোৱা হয়।
বৈঠকৰ আৰম্ভণিতে মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নৱিছ আৰু কেবিনেট মন্ত্রী সকলোকে কিংবদন্তি গায়িকা আশা ভোছলেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ফাড়নভিছে কেবিনেট বৈঠকত অৱগত কৰে যে আশা ভোছলেই বান্দ্ৰা আৰু আন্ধেৰীৰ মাজত এখন মিউজিক একাডেমীৰ বাবে মাটিৰ প্লট বিচাৰিছিল। তেওঁৰ অনুৰোধ অনুসৰি মুম্বাইত আশা ভোছলে মিউজিক একাডেমী স্থাপন কৰা হ’ব। ইয়াৰ বাবে এটা স্থান চিনাক্ত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।
পৰিবহণ মন্ত্ৰী প্ৰতাপ সাৰ্নাইকে কয় যে আশা ভোছলেৰ স্মৃতিত চৰকাৰে এখন স্মৃতিসৌধ নিৰ্মাণ কৰিব লাগে। মুখ্যমন্ত্রীয়ে উত্তৰত কয় যে চৰকাৰে বৰ্তমান আশা ভোছলে একাডেমীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু এই বিষয়টো পিছত বিবেচনা কৰিব৷
চৰকাৰী সেৱাৰ বাবে নিযুক্তি প্ৰক্ৰিয়া উন্নত কৰা, কুলগাঁও-বদলাপুৰৰ অনুমোদিত উন্নয়ন পৰিকল্পনাত ষ্টেডিয়ামৰ বাবে সংৰক্ষিত ভূমি সলনি কৰা, মুম্বাইত স্কিল টেক বিশ্ববিদ্যালয় স্থাপন কৰা, উপকূলীয় জিলাৰ মাছমৰীয়াসকলক মৌলিক সুবিধা প্ৰদান কৰা, ৰাজ্যৰ চিকিৎসা শিক্ষা ব্যৱস্থা, নাৰ্চিং সেৱা, স্বাস্থ্য সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতি আদিকে ধৰি কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ভাৰতীয় প্ৰখ্যাত গায়িকা আশা ভোছলেৰ দেওবাৰে মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁঁৰ বয়স আছিল ৯২ বছৰ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া