
হোজাই, ১৩ এপ্ৰিল (হি.স.)। সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লংকাৰ শ্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতন,কাকী -১ ৰ কৃতীমান ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায় হোজাই জিলাৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান আনফৰ চুপাৰ ফিফটি য়ে। বিদ্যালয় খনৰ পৰিচালনা সমিতি,আচাৰ্য্য /আচাৰ্য্যা সকলৰ উপস্থিতিত শৈক্ষিক প্ৰতিষ্ঠানটোৱে কৃতিমান ছাত্ৰ ছাত্ৰী সকলক ফুলাম গামোচা আৰু একো খনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনায়।
উল্লেখ্য যে, ৯৬ শতাংশ উৰ্ত্তীণৰে সফলতা লাভ কৰা বিদ্যালয় খনৰ সফলতাত গৌৰাৱাম্বিত সমগ্ৰ অঞ্চলটো।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা