
লখিমপুৰ, ১৩ এপ্ৰিল (হি.স.)। লখিমপুৰত বয়োজ্যেষ্ঠ নাগৰিক সকলৰ বাবে প্ৰতিষ্ঠা কৰা সেৱালয় বিয়লিত ৰঙালীৰ উৰুকা উদযাপন ৷ বয়োজ্যেষ্ঠ সকলে বিহু মাৰি উদযাপন কৰে উৰুকা ৷ আশীতিপৰ বৃদ্ধই কঁকাল ভাঙি নাচিলে ৷ বিহু উপলক্ষে বিয়লি ৰ প্ৰতিষ্ঠাপক বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই বয়োজ্যেষ্ঠ সকলক এখন গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
বিগত পাচ বছৰৰ পৰা জিলা খনৰ এই জেষ্ঠ নাগৰিক সকলৰ বাবে প্ৰতিষ্ঠা কৰা আশ্ৰয় গৃহটোত এইদৰে বিহুৰ অনুষ্ঠান উদযাপন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা