
কোকৰাঝাৰ, ১৩ এপ্ৰিল (হি.স.): ভোট গ্ৰহণৰ দিন অৰ্থাৎ যোৱা বৃহস্পতিবাৰে বিয়লি তিনি মান বজাত গোসাঁইগাঁও মহকুমাৰ ভোমৰাবিলৰ পৰা ভিন্ন ধৰ্মী যুৱকে পলুৱাই নিয়া নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক উদ্ধাৰ কৰা হৈছে। নাবালক কিশোৰীগৰাকীক বলপূৰ্বকভাৱে বিপৰীত ধৰ্মী এজন যুৱকে পলাই লৈ যোৱাৰ ঘটনাই সমগ্ৰ গোসাঁইগাঁও মহকুমাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
জানিব পৰা মতে গোসাঁইগাঁও মহকুমাৰ ভোমৰাবিল গাঁৱৰ এগৰাকী কিশোৰীক দুদিন পূৰ্বে চুবুৰীয়া গাঁৱৰ বিপৰীত ধৰ্মী এজন যুৱকে অপহৰণ কৰি অজ্ঞাত স্থানলৈ পলাই লৈ যায়। ঘটনাৰ বিষয়ে অৱগত হৈ ভুক্তভোগীৰ পৰিয়ালে এই সন্দৰ্ভত গোসাঁইগাঁও থানাত এখন এজাহাৰ দাখিল কৰে। নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ভিন্ন ধৰ্মৰ এজন যুৱকে বলপূৰ্বকভাৱে অপহৰণ কৰি লৈ যোৱাত বিভিন্ন দল-সংগঠন সৰৱ হৈ উঠিছে পিছত আৰক্ষীৰ তদন্তত কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
আৰক্ষীৰ ভূমিকাত বিভিন্ন দল- সংগঠনে ধন্যবাদ জ্ঞাপন কৰিছে। অপহৰণকাৰীক লগতে জড়িত থকা সকলক কঠোৰ শাস্তিৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ