

মৰিগাঁও, ১৩ এপ্ৰিল (হি.স.)। ৰঙালীৰ ৰঙেৰে ৰঙীন জাগীৰোড মহাবিদ্যালয় প্ৰাংগন। প্ৰাক ৰঙালী বিহু উদযাপন কৰিলে মহাবিদ্যালয় পৰিয়ালে।
সোমবাৰে জাগীৰোড মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা ছাত্ৰ একতা সভা আৰু আভ্যন্তৰীণ মান নিৰূপক কোষৰ সহযোগত আয়োজন কৰা হয় ৰঙালীৰ বিশেষ কাৰ্যসূচী।
অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওগৰ লগতে অধ্যাপক আনন্দৰাম বুঢ়াগোহাঁই আৰু চিত্তৰঞ্জন সৰকাৰে । সমান্তৰাল ভাৱে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী সকলে নাচি বাগি উদযাপন কৰে হেঁপাহৰ ৰঙালী। আনহাতে প্ৰাক ৰঙালী উদযাপন কৰা কাৰ্যসূচীৰ সমান্তৰালকৈ পিঠা পনা প্ৰতিযোগিতাৰ লগতে বিভিন্ন পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা। সমগ্ৰ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাজৰ ব্যাপক উচাহ পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / Narayan Kar