
মৰিগাঁও, ১৩ এপ্ৰিল (হি.স.)। পদুলি মুখত হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্য বাসীৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ ঠায়ে ঠায়ে চলিছে বিহু নাচৰ কৰ্মশালা। ব্যক্তিক্ৰম হোৱা নাই জাগীৰোডতো। জাগীৰোডৰ সদৌ নখোলা ক্রীড়া সন্থাৰ খেলপথাৰত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন ।
জাগীৰোড নখোলা পলাচুং ৰাইজৰ সহযোগত আৰম্ভ হোৱা ৮ দিনিয়া বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালাত বিভিন্ন প্ৰান্তৰ শতাধিক কণ কণ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । উক্ত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে মূখ্য প্রশিক্ষক বিশ্বজ্যোতি চেতিয়া , মালা ডেকা , মৃগাংক ডেকা আৰু জয়াৰাণী ডেকাই ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু