
ৱাছিংটন/তেহৰান, ১৩ এপ্ৰিল (হি.স.)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল কমাণ্ডে দেওবাৰে কয় যে ইৰাণৰ বন্দৰ অৱৰোধ কৰিবলৈ সাজু হৈছে। এই কাৰ্য্য ১৩ এপ্ৰিলৰ পুৱা ১০ বজাৰ পৰা (পূব সময় অনুসৰি) আৰম্ভ হ’ব।চেণ্টকমৰ ঘোষণাৰ পিছত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰে যে হৰমুজ জলদ্বীপ অসামৰিক জাহাজৰ বাবে মুকলি আৰু ইয়াৰ মাজেৰে পাৰ হোৱা যিকোনো সামৰিক জাহাজৰ সৈতে কঠোৰ মোকাবিলা কৰা হ’ব।
আল জাজিৰা, চিবিএছ নিউজ আৰু ফক্স নিউজৰ বাতৰি অনুসৰি দেওবাৰে এক্সত চেণ্টকমে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত ১৩ এপ্ৰিলৰ পুৱা ১০ বজাৰ পৰা (পূব সময় অনুসৰি) ইৰাণৰ বন্দৰত প্ৰৱেশ আৰু প্ৰস্থান কৰা সকলো সামুদ্ৰিক যাতায়তৰ ওপৰত অৱৰোধ আৰোপ কৰিব। এই অৱৰোধ ইৰাণৰ বন্দৰ আৰু উপকূলীয় অঞ্চলত প্ৰৱেশ বা প্ৰস্থান কৰা সকলো দেশৰ জাহাজৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হ’ব। ইয়াৰ ভিতৰত আৰব সাগৰ আৰু ওমান উপসাগৰত থকা ইৰাণৰ বন্দৰসমূহো অন্তৰ্ভুক্ত।
চেণ্টকমে স্পষ্ট কৰি দিয়ে যে হৰমুজ জলদ্বীপৰ মাজেৰে অ-ইৰাণৰ বন্দৰলৈ বা তাৰ পৰা জাহাজৰ মুক্ত চলাচলত কোনো বাধা নাথাকিব। চেণ্টকমে কয় যে অৱৰোধ আৰম্ভ হোৱাৰ পূৰ্বে আনুষ্ঠানিক অধিসূচনাৰ জৰিয়তে বাণিজ্যিক নাৱিকসকলক অতিৰিক্ত তথ্য প্ৰদান কৰা হ’ব। 'সকলো নাৱিকক ওমান উপসাগৰ আৰু হৰমুজ জলদ্বীপৰ কাষৰীয়া অঞ্চলত কাম কৰাৰ সময়ত সম্প্ৰচাৰ নিৰীক্ষণ কৰিবলৈ আৰু 'ব্ৰিজ-টু-ব্ৰিজ চেনেল ১৬'ত আমেৰিকাৰ নৌসেনাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।'
ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পে দেওবাৰে দাবী কৰে যে হৰমুজ জলদ্বীপ অসামৰিক জাহাজৰ বাবে মুকলি। আই আৰ জি চিয়ে এক বিবৃতিত কয় যে যদি তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় নিয়ম মানি চলে তেন্তে তেওঁলোকক নিৰাপদে পাৰ হ’বলৈ দিয়া হ’ব। অৱশ্যে জলদ্বীপত প্ৰৱেশ কৰা যিকোনো সামৰিক জাহাজ যুদ্ধবিৰতি উলংঘা বুলি গণ্য কৰা হ’ব আৰু এনে জাহাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ব্ৰিটেইন আৰু ইয়াৰ মিত্ৰ দেশসমূহে লেণ্ডমাইন আঁতৰাবলৈ হৰমুজ জলদ্বীপলৈ মাইনছুইপাৰ প্ৰেৰণ কৰিব। অৱশ্যে ব্ৰিটেইনে ট্ৰাম্পৰ এই দাবীৰ বিৰোধিতা কৰি এক বিবৃতি প্ৰকাশ কৰে। এক সূত্ৰই জনোৱা মতে, ব্ৰিটেইনে হৰমুজ জলদ্বীপৰ বাবে আমেৰিকাৰ কোনো পৰিকল্পনাত অংশগ্ৰহণ নকৰে। ব্ৰিটেইন চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে, আমি জাহাজ চলাচলৰ স্বাধীনতা আৰু হৰমুজ জলদ্বীপ মুকলি কৰি ৰখাৰ সমৰ্থন কৰোঁ। হৰমুজ জলদ্বীপত কোনো ধৰণৰ টোল হ'ব নালাগে। আমি ফ্ৰান্স আৰু অন্যান্য অংশীদাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি জাহাজ চলাচলৰ স্বাধীনতা সুৰক্ষিত কৰাৰ বাবে এক বহল মিত্ৰজোঁট গঢ়ি তুলিছো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া