
মুম্বাই, ১৩ এপ্ৰিল (হি.স.)। আই পি এল ২০২৬ৰ এখন উচ্চ স্ক’ৰিং মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে মুম্বাই ইণ্ডিয়ানছ (এম আই)ক ১৮ ৰানত পৰাস্ত কৰি চমকপ্ৰদ জয় লাভ কৰে। ৱানখেদে ষ্টেডিয়ামত খেলা খেলখনত আৰ চি বিৰ সুষম বলিঙে মুম্বাইৰ বৃহৎ লক্ষ্য খেদি যোৱাৰ চেষ্টাক বিফল কৰি পেলায়।
প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ২০ অভাৰত ২৪০/৪ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ফিল ছল্টে ৭৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলাৰ বিপৰীতে ৰজত পাটিদাৰে ৫৩ ৰান সংগ্ৰহ কৰে। বিৰাট কোহলীয়েও অৰ্ধশতক অৰ্জন কৰি দলটোক শক্তিশালী স্থানত ৰাখিলে।
ইফালে ২৪১ ৰানৰ লক্ষ্য অমনুসৰণ কৰি মুম্বাই ইণ্ডিয়ানছৰ আৰম্ভণি ভাল আছিল। ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে দলটোক দ্ৰুত আৰম্ভণি দি পাৱাৰপ্লেত ৬২ ৰান সংযোজন কৰে। অৱশ্যে হামষ্ট্ৰিঙৰ আঘাতৰ বাবে ষষ্ঠ অভাৰত আঘাত পাই ৰোহিত শৰ্মাই অৱসৰ গ্ৰহণ কৰে, যিটো দলৰ বাবে এক বৃহৎ আঘাত বুলি প্ৰমাণিত হয়।
মিডল অৰ্ডাৰত শ্বাৰফেন ৰাদাৰফোৰ্ডে সুন্দৰ বেটিং কৰি ৩১টা বলত অপৰাজিত ৭১ ৰান সংগ্ৰহ কৰি মেচখন ৰোমাঞ্চকৰ কৰি তুলিছিল। মিচেল ছাণ্টনাৰৰ সৈতেও তেওঁ ৬৮ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল যদিও দলটোক জয়ৰ দিশত আগুৱাই নিব পৰা নাছিল।
আৰ চি বিৰ হৈ ক্ৰুনাল পাণ্ডিয়া আৰু সুয়াশ শৰ্মাই কাঢ়া বলিং কৰি ২০ অভাৰত মুম্বাইক ২২২/৫ ৰানত সীমাবদ্ধ কৰি ৰাখে।
এই জয়ৰ জৰিয়তে আৰ চি বিয়ে চাৰিখন মেচত তৃতীয়টো জয় লাভ কৰি ৬ পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ আগবাঢ়িছে। ইফালে মুম্বাই ইণ্ডিয়ানছে একেৰাহে তৃতীয়বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হোৱাৰ ফলত তেওঁলোকৰ পৰিস্থিতি আৰু অধিক প্ৰত্যাহ্বানজনক হৈ পৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া