পাণ্ডু লুইত পৰীয়া বিহু সন্মিলনৰ ৫৬ সংখ্যক বৰ্ষত দুদিনীয়া ভৱ্য অনুষ্ঠান
গুৱাহাটী, ১৩ এপ্ৰিল (হি.স.)। পৰম্পৰা অব্যাহত ৰাখি পাণ্ডু লুইত পৰীয়া বিহু সন্মিলনৰ উদ্যোগত এইবাৰ অতি উৎসাহ আৰু উদ্যমেৰে আয়োজন কৰা হৈছে ৰঙালী বিহু সন্মিলন। এইবাৰ সন্মিলনখনে ৫৬ সংখ্যক বছৰত ভৰি দিছে। অহা ১৪ আৰু ১৫ এপ্ৰিলত দুদিনীয়াকৈ বিভিন্ন বৰ্ণাঢ্য
পাণ্ডু লুইত পৰীয়া বিহু সন্মিলনৰ ৫৬ সংখ্যক বৰ্ষত দুদিনীয়া ভৱ্য অনুষ্ঠান


গুৱাহাটী, ১৩ এপ্ৰিল (হি.স.)। পৰম্পৰা অব্যাহত ৰাখি পাণ্ডু লুইত পৰীয়া বিহু সন্মিলনৰ উদ্যোগত এইবাৰ অতি উৎসাহ আৰু উদ্যমেৰে আয়োজন কৰা হৈছে ৰঙালী বিহু সন্মিলন। এইবাৰ সন্মিলনখনে ৫৬ সংখ্যক বছৰত ভৰি দিছে। অহা ১৪ আৰু ১৫ এপ্ৰিলত দুদিনীয়াকৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বিহু উৎসৱ।

সন্মিলনৰ সভাপতি দ্বিজেন লহকৰ আৰু যুটীয়া সাধাৰণ সম্পাদক পবিত্ৰ দাস আৰু হেমন্ত দাসে উল্লেখ কৰে যে ১৪ এপ্ৰিলৰ পুৱা ৯ বজাত পতাকা উত্তোলনৰ জৰিয়তে মহোৎসৱ আৰম্ভ হ’ব ৷ ইয়াৰ পিছতে শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সমাজকৰ্মী হেমেন তালুকদাৰে বন্তি প্ৰজ্বলন কৰিব।

মহোৎসৱৰ প্ৰথম দিনটোৰ আলোকপাত কৰা হ'ব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক মায়াবিনী ৰাতিৰ বুকু গীতৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি। প্ৰয়াত নাৰায়ণ কলিতাৰ স্মৃতিত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব। সন্ধিয়াৰ কাৰ্যসূচীত বিহু শিল্পীৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব, যিয়ে উৎসৱৰ আনন্দ বৃদ্ধি কৰিব। প্ৰখ্যাত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ সংগীত পৰিবেশনেও দৰ্শকক মনোৰঞ্জন দিব।

১৫ এপ্ৰিলত পুৱা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হ'ব। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত শৈলেন গগৈৰ নেতৃত্বত চ্যুকাফা শিল্পী সমাজে পৰিবেশন কৰিব বিহুগীত। তদুপৰি চূড়ান্ত খণ্ডত প্ৰখ্যাত শিল্পী কমলিকা কাশ্যপৰ সুৰীয়া সংগীত পৰিবেশনে উৎসৱমুখৰ পৰিবেশ বৃদ্ধি কৰিব।

সামগ্ৰিকভাৱে পাণ্ডু লুইত পৰীয়া বিহু সন্মিলনে স্থানীয় ৰাইজৰ মাজত উৎসৱৰ আনন্দ বৃদ্ধি কৰাৰ লগতে পৰম্পৰা আৰু সংস্কৃতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande