বৰপেটা ৰোডত অনুষ্ঠিত হব লগা সাৰ্বজনীন ৰঙালী বিহুৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ
বৰপেটা, ১৩ এপ্ৰিল (হি.স.)। পদুলী মুখত হেপাহৰ ৰঙালী বিহু,ৰঙালীক আদৰিবলৈ প্ৰস্তুতি ৰাজ্যবাসীৰ। বিহু সমিতি সমুহেও ঠায়ে ঠায় অনুষ্ঠিত কৰিছে ৰঙালী বিহুৰ আয়োজন। সমান্তৰাল কৈ ব্যস্ত হৈ পৰিছে বৰপেটা ৰোড বাসী। বৰপেটা ৰোডত অনুষ্ঠিত হব লগা সাৰ্বজনীন ৰঙালী বিহু
বৰপেটা ৰোডত অনুষ্ঠিত হব লগা সাৰ্বজনীন ৰঙালী বিহুৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষ


বৰপেটা, ১৩ এপ্ৰিল (হি.স.)। পদুলী মুখত হেপাহৰ ৰঙালী বিহু,ৰঙালীক আদৰিবলৈ প্ৰস্তুতি ৰাজ্যবাসীৰ। বিহু সমিতি সমুহেও ঠায়ে ঠায় অনুষ্ঠিত কৰিছে ৰঙালী বিহুৰ আয়োজন। সমান্তৰাল কৈ ব্যস্ত হৈ পৰিছে বৰপেটা ৰোড বাসী। বৰপেটা ৰোডত অনুষ্ঠিত হব লগা সাৰ্বজনীন ৰঙালী বিহু এইবাৰ সোণালী জয়ন্তীবৰ্ষত পদাৰ্পণ কৰিব।

সোণালী জয়ন্তী উপলক্ষে ১ বহাগৰ পৰা সাদিনীয়া কাৰ্যসূচীৰে ব্যাপক আয়োজনেৰে প্ৰস্তুতি চলাইছে সমিতিয়ে। ইয়াকে লৈ বৰপেটা ৰোডৰ বিভিন্ন জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এক হেজাৰ গৰাকী নাচনী গাভৰু ,মহিলাই পৰিবেশন কৰিব প্ৰদৰ্শনী মূলক বিহু হুঁচৰি আৰু জেং বিহু। তাৰেই আখৰা চলোৱা দেখা গৈছে নাচনী গাভৰু সকলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande