গুজৰাটৰ সুৰেন্দ্ৰনগৰত পথ দুৰ্ঘটনা, ৭ জনৰ মৃত্যু; ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
নতুন দিল্লী/গান্ধীনগৰ, ১৩ এপ্ৰিল (হি.স.)। গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে ৪ জন গুৰুতৰভাৱে আহত হয়। জিলাখনৰ লক্ষ্তৰ-বিৰামগাম ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ট্ৰাকে খোজকাঢ়ি অহা ভক্তক মহতিয়াই নিয়ে। লক্ষতাৰ আ
গুজৰাটৰ সুৰেন্দ্ৰনগৰত পথ দুৰ্ঘটনা, ৭ জনৰ মৃত্যু; ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


নতুন দিল্লী/গান্ধীনগৰ, ১৩ এপ্ৰিল (হি.স.)। গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে ৪ জন গুৰুতৰভাৱে আহত হয়। জিলাখনৰ লক্ষ্তৰ-বিৰামগাম ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ট্ৰাকে খোজকাঢ়ি অহা ভক্তক মহতিয়াই নিয়ে।

লক্ষতাৰ আৰক্ষী থানাৰ তথ্য অনুসৰি দেওবাৰ-সোমবাৰে নিশা প্ৰায় ১:৩০ বজাত ৰাজকোটৰ পৰা বহুচৰাজী মাতা মন্দিৰ পৰিদৰ্শন কৰিবলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত পিছফালৰ পৰা অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ভক্তসকলক খুন্দা মাৰে।

পথৰ দাঁতিত থিয় হৈ থকা ছয়জন ভক্ত আৰু এজন ডাম্পাৰ চালকৰ এই দুৰ্ঘটনাত নিহত হয়। নিহতসকলৰ ভিতৰত আছে ৫ জন পুৰুষ আৰু দুগৰাকী মহিলা।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পথ দুৰ্ঘটনাত প্ৰাণ আৰু সম্পত্তি হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰেৰণ কৰা বাৰ্তাযোগে ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে সুৰেন্দ্ৰনগৰত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ খবৰটো গভীৰভাৱে দুখজনক। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে এক্সত এটা পোষ্টত লিখিছে, গুজৰাটৰ সুৰেন্দ্ৰনগৰত সংঘটিত হোৱা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ আৰু সম্পত্তি হেৰুৱাই মই গভীৰভাৱে দুখী। শোকসন্তপ্ত পৰিয়ালসমূহলৈ মোৰ গভীৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।

প্ৰধানমন্ত্ৰী মোদীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰি কয় যে গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত সংঘটিত হোৱা দুৰ্ঘটনাটো অত্যন্ত যন্ত্ৰণাদায়ক। দুৰ্ঘটনাত আপোনজনক হেৰুৱাই পেলোৱা পৰিয়ালক গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande