
বৰপেটা, ১৩ এপ্ৰিল (হি.স.)। বৰপেটাৰ বান্দালিত বিধ্বংসী অগ্নিকাণ্ড । বান্দালি গাঁৱৰ বানিছ খানৰ বাসগৃহত অগ্নিকাণ্ডৰ ঘটনা |
অগ্নিকাণ্ডত তিনিটাকৈ বাসগৃহৰ লগতে বহু সা সম্পত্তি ভস্মীভূত । বান্দালি গাঁৱৰ বানিছ খানৰ লগতে বানিছ খানৰ ভাতৃ সুকুৰ খান আৰু এবাদত খানৰ বাসগৃহলৈ সম্প্ৰসাৰিত জুইত তিনিওটা পৰিয়ালৰ ঘৰ দুৱাৰ ভস্মীভূত হয় ।
অগ্নিকাণ্ডত প্ৰায় ১২ লাখ টকাৰ সা-সম্পত্তি সহ বহু গুৰুত্বপূৰ্ণ নথি জুইত জাহ যায় । জানিব পৰা মতে বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে |বাসগৃহ কেইটাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু সময় পিছতহে অগ্নি নিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে তীব্ৰ ভৎসৰ্না কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা