
লক্ষীমপুৰ, ১৩ এপ্ৰিল (হি.স.)। কেৱল কিতাপৰ পাততে আৱদ্ধ নাথাকি অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুক আদৰিবলৈ এক ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ঢকুৱাখনাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ‘কাইজেন একাডেমীয়ে। বিদ্যালয়ৰ চাৰিবেৰৰ পৰা ওলাই আহি ছাত্ৰ-ছাত্ৰী সকলক নিজৰ সংস্কৃতিৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে বিদ্যালয় চৌহদত আয়োজন কৰা হৈছে বিশেষ বিহু মেলা।
পৰম্পৰা ৰক্ষা কৰি বিদ্যালয় চৌহদতে প্ৰস্তুত কৰা হৈছে বিহুৰ ‘চাত’। যান্ত্ৰিকতাৰ যুগত ছাত্ৰ-ছাত্ৰী সকলক বিহুৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰু তেওঁলোকৰ বৌদ্ধিক তথা মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলক বিহু নাচ আৰু হাত বিহুৰ ওপৰত সামগ্ৰীক তথা ব্যৱহাৰিক জ্ঞান প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা