

শিৱসাগৰ, ১৩ এপ্ৰিল (হি.স.)। শিৱসাগৰ জিলাৰ অন্যতম অতি গুৰুত্বপূৰ্ণ পথ ঐতিহাসিক বৰ আলি। এই পথটোয়েদি সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত স্তব্ধতা আহি পৰিছে জনসাধাৰণৰ । পথটোত নাজিৰাৰ ন-মাটিলৈকে পুখুৰী সদৃশ দ'গাতৰ সৃষ্টি হোৱাৰ ফলত জনগণে খোজ কাঢ়ি যাতায়ত কৰাতো দূৰৰে কথা সৰু -বৰ যান -বাহনৰো যাতায়তৰ ক্ষেত্ৰত আহি পৰিছে স্তব্ধতা। এই পথছোৱাত থকা পুখুৰী সদৃশ দ' গাতত যান - বাহন সোমাই পৰাত পথ বদ্ধ কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।
পুখুৰী সদৃশ দ' গাঁতত আৱদ্ধ ট্ৰাক । এনে পৰিপ্ৰেক্ষিতত ক্ষীপ্ৰতাৰে এই জৰাজীৰ্ণ পথচোৱা নিৰ্মাণ কৰি যাতায়তৰ সুচল কৰি তুলিবলৈ বিভাগীয় লোক নিৰ্মাণ বিভাগৰ বিষয়াক নিৰ্দেশ দিছে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। আজি পুৱা ভাগতে বিধায়ক দেৱব্ৰত শইকীয়াই অতি বিধ্বস্ত পথছোৱা পৰিদৰ্শন কৰি লোক নিৰ্মাণ বিভাগৰ অভিযন্তা, সংশ্লিষ্ট ঠিকাদাৰৰ প্ৰতিনিধিক জৰাজীৰ্ণ পথচোৱালৈ মাতি নি দৃষ্টিগোচৰ কৰে আৰু জনগণে ভোগ কৰি অহা যমৰ যাতনা অতি শীঘ্ৰে নিৰাময় কৰিবৰ বাবে বিধায়ক গৰাকীয়ে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে।
উল্লেখ্য যে এই ঐতিহাসিক বৰ আলি আলি টো পুনৰ নিৰ্মাণৰ বাবে বিগত সময়ত শিৱসাগৰ জিলাৰ তিনিগৰাকী বিধায়কে আধাৰশিলা স্থাপন কৰে যদিও দিচাংমুখৰ পৰা নাজিৰা নগৰৰ চাৰি আলিলৈকে ঐতিহাসিক বৰ আলি আজিও নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই। যাৰ বাবে জনগণে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগাত পৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু